বোকাজানত ৮ কুইণ্টল গাঞ্জাসহ সৰবৰাহকাৰীক আটক
কাৰ্বি আংলং, ১৯ মে’ (হি.স.)। কাৰ্বি আংলং জিলাৰ বোকাজানত ৮ কুইণ্টল গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰা হ
আটক


কাৰ্বি আংলং, ১৯ মে’ (হি.স.)। কাৰ্বি আংলং জিলাৰ বোকাজানত ৮ কুইণ্টল গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে নিশা খটখাটী আৰক্ষীৰ নাকা তালাচীৰ সময়ত এই গাঞ্জা জব্দ কৰা হয়।

ডিমাপুৰৰ পৰা গুৱাহাটীলৈ অভিমুখী ডব্লিউবি-৭৬ বি ২৮৮৩ নম্বৰৰ ট্ৰাকখনত এটা গোপন চেম্বাৰ স্থাপন কৰি গাঞ্জাখিনি লুকুৱাই ৰাখিছিল। মুঠ ৭৫টা পেকেটত উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ ওজন প্ৰায় ৮ কুইণ্টল। এই সন্দৰ্ভত বিহাৰৰ মতিহাৰী জিলাৰ ৰাধেশ্যাম সাহনী নামৰ সৰবৰাহকাৰীটোক আৰক্ষীয়ে গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে। জব্দ কৰা গাঞ্জাৰ বজাৰ মূল্য ৪ কোটি টকা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ/অৰবিন্দ


 rajesh pande