লামডিং ৰে'ল জংচনত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ
হোজাই, ১৯ মে’ (হি.স.): লামডিং ৰে’ল জংচনত শনিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হয়। চ
চুপাৰী


হোজাই, ১৯ মে’ (হি.স.): লামডিং ৰে’ল জংচনত শনিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হয়। চুপাৰিখিনি আগৰতলাৰ পৰা লামডিং হৈ কলিকতালৈ সৰবৰাহ কৰা হৈছিল।

লামডিং ৰে’ল আৰক্ষী আৰু আৰ পি এফৰ চিআইবি দলে যৌথ ভাৱে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰে। বাৰ্মিজ চুপাৰিখিনি আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ শ্লীপাৰ ডবা নং ইআই ১৬২৭০৩–ডিৰ পৰা ২২ বস্তা বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লামডিং ৰে’ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভুপেন কলিকতাৰ নেতৃত্বত চলাইছিল এই অভিযান। জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য আনুমানিক ৮ লাখ টকা হ’ব বুলি কোৱা হৈছে। চুপাৰিখিনি আগৰতলা ৰে’ল জংচনৰ পৰা বুকিং কৰিছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande