বিলাসীপাৰা চহৰৰ মাছবজাৰত নিষিদ্ধ ড্ৰাগছৰ সেৱক কৰাৰ সময়ত হাতে লোটে দুজন যুৱক আটক
ধুবুৰী, ০৪ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিয
আটক


ধুবুৰী, ০৪ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত বিলাসীপাৰা চহৰৰ মাছবজাৰ পৰা কালি সন্ধিয়া নিষিদ্ধ ড্ৰাগছৰ সেৱক কৰাৰ সময়ত হাতে লটে দুজন যুৱক আটক কৰে আৰক্ষীয়ে।

মহকুমা আৰক্ষী বিষয়াৰ ৰজত কুমাৰ পালৰ নেতৃত্বত চলিছিল এই অভিযান। আটকাধীন যুৱকজন ক্ৰমে মঞ্জু আলম সৰকাৰ আৰু বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে। মঞ্জু আলম সৰকাৰ ঘৰ বিলাসীপাৰা চহৰৰ ১১ ৱাৰ্ডত আৰু বাহাৰুল ইছলামৰ ঘৰ কাঠালদি ১ম খণ্ড গাঁৱত। মঞ্জু আৰু বাহাৰুলে বিলাসীপাৰা বিভিন্ন প্ৰান্তত দীৰ্ঘ দিনৰ পৰাই নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলায় থকাৰ অভিযোগ আছিল। দুয়োজনৰ পৰা নিচাজাতীয় দ্ৰব্য আৰু টেপলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। যুৱক দুজনৰ পৰা অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande