প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী শিলান্যাস কৰিলে খুদিগাঁও ২য় খণ্ড গাঁৱত ৭০ মেগাৱাট ছোলাৰ পাৱাৰ প্লান্ট
ধুবুৰী, ০৪ মাৰ্চ (হি.স.)। বিলাসীপাৰাৰ খুদিগাঁও ২য় খণ্ড গাঁৱত ৭০ মেগাৱাট ছোলাৰ পাৱাৰ প্লান্টৰ শিলান্য
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


ধুবুৰী, ০৪ মাৰ্চ (হি.স.)। বিলাসীপাৰাৰ খুদিগাঁও ২য় খণ্ড গাঁৱত ৭০ মেগাৱাট ছোলাৰ পাৱাৰ প্লান্টৰ শিলান্যাস। আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শিলান্যাস কৰে প্লান্টৰ। শিলান্যাস কাৰ্যসূচীত উপস্থিত থাকে শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা।

মন্ত্ৰী নন্দিতা গাৰ্লোচাক সংগ দিয়ে ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ, বিদ্যুৎ বিভাগৰ জেনেৰাল ম্যানাজাৰ প্ৰমুখ্যে বিভাগীয় বিভিন্ন বিষয়া। আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেলেংগানাৰ আদিলাবাদৰ পৰা ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে ছোলাৰ পাৱাৰ প্লান্টৰ।

ছোলাৰ পাৱাৰ প্লান্ট খনৰ জড়িয়তে বিলাসীপাৰাত বিদ্যুতৰ নাটনি বহু পৰিমাণে হ্ৰাস পাব বুলি শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয়। খুদিগাঁও ২য় খণ্ডত এক হাজাৰ বিঘা ভুমি জুৰি নিৰ্মাণ হব ছোলাৰ পাৱাৰ প্লান্টটোৰ। অহা এক বছৰৰ ভিতৰত প্লান্ট খনৰ নিৰ্মাণ কাৰ্য সমাপন কৰা হব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande