নাজিৰাৰ লিগিৰী পুখুৰীত নৃশংস হত্যাকাণ্ড
শিৱসাগৰ, ০৪ মাৰ্চ (হি.স.)। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰী পুখুৰীত এক নৃশংস হত্যাকাণ্ড সংঘ
নাজিৰাৰ লিগিৰী পুখুৰীত নৃশংস হত্যাকাণ্ড


শিৱসাগৰ, ০৪ মাৰ্চ (হি.স.)। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰী পুখুৰীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মিয়মান গৃহৰ পকা কামৰ যোগালী হিচাপে কাম কৰা উত্তৰ প্ৰদেশৰ চুমিত নামৰ যুৱকজনক যোৱা নিশা কোনো দুবৃৰ্ত্তই দাৰে বুকু , মৰত আৰু ডিঙীত উপৰ্জুপৰি ঘপিয়াই অতি নৃশংস ভাৱে হত্যা কৰি সমীপতে থকা হনুমানবাগ চাহ বাগিচাৰ ৩ নং বি লাইনৰ নলাত পেলাই থয় ।

আজি পুৱা এগৰাকী মহিলাই বাগিচাৰ কাম কৰিবলৈ অহাৰ মূহুত্বত ডিঙি ছিগি নলাত পৰি থকা মৃতদেহটো চিয়ঞি চিঞয়ি অচেতন হৈ পৰে মহিলা গৰাকীক লগে লগে বাগিচাৰ মহৰি আৰু শ্ৰমিকে চিকিৎসালয়লৈ নিয়াৰ লগতে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীক খবৰ দিয়াত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাস সহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে । ঘটনাস্থলীত নাজিৰা মহকুমা সহায়ক আয়ুক্ত এগৰাকীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande