ফকিৰাগ্ৰামত ব্লক বিপিএফৰ বুথ সমিতিৰ সৈতে ভাৱ -বিনিময়
কোকৰাঝাৰ, ০৪ মাৰ্চ (হি.স.): আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰা
ফকিৰাগ্ৰামত ব্লক বিপিএফৰ বুথ সমিতিৰ সৈতে ভাৱ -বিনিময় ।

কোকৰাঝাৰ, ০৪ মাৰ্চ (হি.স.): আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত আজি বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ উদ্যোগত দলৰ বুথ সমিতিৰ সৈতে এক ভাব -বিনিময় সভা অনুষ্ঠিত হয়। বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকৰ সভাপতিত্বত হোৱা উক্ত সভাত বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বুথ সমিতিৰ সভাপতি আৰু সম্পাদক সকলৰ সৈতে ভাব বিনিময় কৰে।

এই অনুষ্ঠানত বিপিএফ দলৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী মনো কুমাৰ ব্ৰহ্ম, কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিপি এফৰ কেন্দ্রীয় সংগঠানিক সম্পাদক ড° ৰেজাওল কৰিম, ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকৰ লগতে বিভিন্ন নেতা সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

 rajesh pande