লক্ষিমপুৰ পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ
লক্ষিমপুৰ, ০৪ মাৰ্চ (হি.স.):জীয়াই থকাৰ অধিকাৰ বিচাৰি লক্ষিমপুৰৰ পলিটেকনিক খনৰ চৌহদত আজি প্ৰতিবাদী কা
লক্ষিমপুৰ পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ


লক্ষিমপুৰ, ০৪ মাৰ্চ (হি.স.):জীয়াই থকাৰ অধিকাৰ বিচাৰি লক্ষিমপুৰৰ পলিটেকনিক খনৰ চৌহদত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে পলিটেকনিক খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে। ২১মাহৰ অনাদায় দৰমহা প্ৰদান কৰা, মাহিলী দৰমহাসমুহ নিয়মীয়া কৰাৰ লগতে দৰমহা বৃদ্ধি আৰু চতুৰ্থ বৰ্গ পদসমূহ স্থায়ী পদৰ দাবীত অনিদিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে কৰ্মচাৰীসকলে।

সদৌ অসমৰ নৱনিৰ্মিত ১১ খন পলিটেকনিক আৰু ২ খন ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande