কামপুৰৰ কঠিয়াতলী নামবৰ লালুং গাঁৱত চাৰিদিনীয়াকৈ অনুষ্ঠিত ছগ্ৰা পূজা
নগাঁও, ০২ মাৰ্চ (হি স)। বসন্তৰ আগমনৰ লগে লগেই যেন এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় মধ্য অসমত ৷ আৰম্ভ হয়
ছগ্ৰা পূজা


নগাঁও, ০২ মাৰ্চ (হি স)। বসন্তৰ আগমনৰ লগে লগেই যেন এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় মধ্য অসমত ৷ আৰম্ভ হয় তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক লোক উৎসৱ “ছগ্ৰা খাম” ৷ মধ্য অসমৰ কঠিয়াতলী নামবৰ লালুং গাঁৱত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই ছগ্ৰা পূজা ৷ মদাৰ আৰু শিমলু ফুল ফুলাৰ সময়তে অনুষ্ঠিত হয় তিৱা জনগোষ্ঠীৰ “ছগ্ৰা খাম” অৰ্থাৎ ছগ্ৰা উৎসৱ ৷

কৃষিভিত্তিক এই উৎসৱ উদযাপন নকৰাকৈ কৃষিভূমিত হাল বা কোৰ নলগায় তিৱা লোকসকলে ৷ বিগত বছৰৰ দৰে এইবেলিও কঠিয়াতলী নামবৰ লালুং গাঁৱত উলহ-মালহেৰে পালন কৰা হয় “ছগ্ৰা খাম” ৷ বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা এই ছগ্ৰা পূজা আজি অন্তিমটো দিন ৷ এই ছগ্ৰা পূজাৰ আছে এক বিশেষত্ব । পূজা চলি থকা সময়চোৱাত কঠিয়াতলীৰ এই তিৱা গাঁওকেইখনত তিৱাসকলৰ ৰাজত্ব চলে । চলে এখন বিশেষ আইন, পূজা চলি থকা সময়ত কোনো ব্যক্তিয়ে জোতা-চেণ্ডেল, লংপেণ্ট পিন্ধি গাঁও খনত প্ৰৱেশ কৰিব নোৱাৰিব ৷ তদুপৰি গাড়ী-মটৰ, চাইকেল আদিও নিষিদ্ধ কৰিছে পূজাৰ সময়চোৱাত ৷ লক্ষণীয় ভাৱে সামাজিক নীতি-নিয়ম নামানি যদি কোনো লোকে গাঁৱখনত প্ৰৱেশ কৰে তেনেহ'লে সন্মুখীন হ'ব লাগিব চৰম শাস্তিৰ ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande