দুৰ্বিত্তৰ আক্ৰমণত বহিৰাজ্যত অসমীয়া যুৱক নিহত
লক্ষিমপুৰ, ০১ মাৰ্চ(হি.স.)। কৰ্ম সংস্থাপনৰ সন্ধানত বৰ্হি ৰাজ্যলৈ ঢাপলি মেলা ঢকুৱাখনাৰ এজন কৰ্মক্ষম স
অপৰাধ


লক্ষিমপুৰ, ০১ মাৰ্চ(হি.স.)। কৰ্ম সংস্থাপনৰ সন্ধানত বৰ্হি ৰাজ্যলৈ ঢাপলি মেলা ঢকুৱাখনাৰ এজন কৰ্মক্ষম সুঠাম অসমীয়া যুৱকক ৰে’লৰ পৰা গতিয়াই দুৰ্বিত্তই হত্যা কৰিছে। ভূক্তভোগী যুৱকজনৰ নাম ঢকুৱাখনা মহকুমাৰ মজিন শইকীয়া বুলি জানিব পৰা গৈছে। পৰিয়াল পৰিজনক এৰি কেৰেলালৈ কৰ্ম সংস্থাপন বিচাৰি ঘিলামৰা থানাৰ অন্তৰ্গত শিঙিয়া গাঁৱৰ ঘৰৰ পৰা ওলাই গৈছিল বিগত ২৪ ফেব্ৰুৱাৰীত। মনত পুহি ৰখা অযুত সপোন বাস্তৱায়িত কৰিৱলৈ বুলি স্বগৃহৰ পৰা ওলাই যোৱা যুৱকজন আৰু ঘৰলৈ ঘূৰি নাহিল। বুকুৰ অযুত সপোন ধূলিস্যাত কৰি ঘূৰি নহা বাটেৰে গুচি গল অজান দেশলৈ।

ঘটনাৰ বিবৰণী অনুসৰি কেৰেলালৈ বুলি ৰেলত গৈ থকা অৱস্থাতে এক অজ্ঞাত দুৰ্বৃত্তই মজিনক ৰে’লৰ পৰা গতিয়াই প্লেটফৰ্মত পেলাই দিয়ে। অন্ধপ্ৰদেশৰ অংগোল নামৰ ষ্টেচনত সংঘটিত কৰে এই দানৱীয় কাণ্ড। পৰৱৰ্তী সময়ত গুৰুতৰ ভাবে আহত মজিনক মুমূৰ্ষু অৱস্থাত হায়দৰাবাদ আৰক্ষীয়ে উদ্ধাৰ কৰে। সংজ্ঞাহীন অৱস্থাত আৰক্ষীযে মজিনক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু দুৰ্ভাগ্যজনক ভাবে চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ কৰুণ মৃত্যু ঘটে। ঘটনা সন্দৰ্ভত হায়দৰাবাদ আৰক্ষীযে মজিনৰ পৰিয়ালক অৱগত কৰাৰ পিছত কান্দোনৰ ৰোল উঠে দৰিদ্ৰ পৰিয়ালটোত। দুৰ্ভগীয়া পৰিয়ালটোৱে যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ জৰুৰী সহায় কামনা কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande