১৬ ফেব্ৰুৱাৰীৰ পৰা আঠ মাহৰ পিছত অ'টিটিত আহিব 'দ্য কেৰেলা ষ্ট'ৰী'
‘দ্য কাশ্মীৰ ফাইলছ’ৰ পিছত বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনে। ১৫ৰ পৰা ২০ কোট
কেৰেলা ষ্ট’ৰী


‘দ্য কাশ্মীৰ ফাইলছ’ৰ পিছত বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনে। ১৫ৰ পৰা ২০ কোটি বাজেটৰ এই ছবিখনে ৩০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। এই ছবিখনো বিতৰ্কৰ মাজত সোমাই পৰিছিল। কেৰালাত হিন্দু ছোৱালীৰ ধৰ্মান্তৰকৰণ আৰু পৰৱৰ্তী সময়ত আইছিছত নিযুক্তি দিয়াৰ দৰে গুৰুতৰ বিষয়বস্তুৰ বাবেও ছবিখনে বহু সমালোচনাৰ সন্মুখীন হৈছিল।

এই ছবিখনক যিমানেই সমালোচনা কৰা হ’ল, সিমানেই ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি পালে। ছবিখনৰ পৰিচালক সুদীপ্ত সেন, প্ৰযোজক বিপুল অমৃতলাল শ্বাহ আৰু মুখ্য অভিনেত্ৰী আদা শৰ্মাই ছবিখন মুক্তি পোৱাৰ পিছত একত্ৰিত হৈ প্ৰতিবাদকাৰীৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ছোৱালীকেইজনীক বিশ্বৰ সন্মুখলৈ উলিয়াই আনে। ছবিখনৰ ইমান চাহিদা থকাৰ পিছতো ছবিখনে অ’টিটি মুক্তিৰ বাবে সংগ্ৰাম কৰি আছিল। এই ছবিখন যোৱা আঠ মাহ ধৰি ওটিটি মুক্তিৰ পৰা আঁতৰত আছিল যদিও এতিয়া এই ছবিখন অতি সোনকালে ওটিটিত আহিব।

সাধাৰণতে যিকোনো চিনেমা চাৰি সপ্তাহৰ পিছত অ’টিটিত মুক্তি পায়, কিন্তু ‘দ্য কেৰালা ষ্ট’ৰী’ ইমান দিনে অ’টিটিত মুক্তি নাপালে, যাৰ বাবে দৰ্শক যথেষ্ট হতাশ হৈছিল। এতিয়া এই ছবিখনৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ বাতৰিৰ পৰা নতুন তথ্য পোহৰলৈ আহিছে। ‘দ্য কেৰেলা ষ্ট’ৰী’ এতিয়া দেখা যাব অ’টিটি প্লেটফৰ্ম ‘জি৫’ত। ২০১৬ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা অ’টিটি প্লেটফৰ্ম ‘জি৫’ত চাবলৈ উপলব্ধ হ’ব ছবিখন।

আদা শৰ্মাইও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল, ইফালে ছবিখন ‘নেটফ্লিক্স’ত মুক্তি পাব বুলি চৰ্চা চলিছিল, কিন্তু পিছত এই খবৰটো মিছা বুলি ওলাই পৰিল। এই ছবিখন অতি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আধাৰিত হোৱাৰ বাবে কোনো অ’টিটি প্লেটফৰ্মে ছবিখন মুক্তি দিবলৈ ইচ্ছুক নহয় বুলিও খবৰ ওলাইছিল। এতিয়া ‘জী ৫’ৰ আনুষ্ঠানিক ঘোষণা আৰু অতি সোনকালে দৰ্শকে অ’টিটিত এই ছবিখন চাব পাৰিব।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande