মাৰ্ঘেৰিটাত সুৰামত্ত যুৱকৰ আক্ৰমণত নিহত মহিলা
তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী(হি.স.)। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত দেওবাৰে নিশা এক জঘন্য ঘটনা সংঘটিত হ
মাৰ্ঘেৰিটাত সুৰামত্ত যুৱকৰ আক্ৰমণত নিহত মহিলা


তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী(হি.স.)। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত দেওবাৰে নিশা এক জঘন্য ঘটনা সংঘটিত হয়। এগৰাকী মহিলা হত্যাকাণ্ডৰ বলি হয়। সুৰামত্ত যুৱকে ঘপিয়াই নিজ পত্নীক হত্যা কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ৩নং মাকুম পথাৰত সংঘটিত হয় উক্ত ঘটনাটো। অভিযুক্ত সঞ্জীব সন্থালে প্ৰায়েই সুৰা সেৱন কৰি পত্নীক প্ৰহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। দুৰ্ভাগ্যজনকভাৱে দেওবাৰে নিশা সঞ্জীব সন্থালে অতি কঠোৰভাৱে আঘাত কৰে যাৰ ফলত ছাবিনা খৰিয়াক মৃত্যু হয়। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযুক্ত সঞ্জীব সন্থালক গ্ৰেপ্তাৰ কৰি মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande