নগাঁৱৰ কঠিয়াতলীত আৰক্ষীৰ অভিযানত তিনিজন ড্ৰাগচ সৰবৰাহকাৰী সহ ১২৩.৮২ গ্ৰাম ড্ৰাগছ জব্দ
নগাঁৱ, ১২ ফেব্ৰুৱাৰী (হি.স.)। নগাঁৱৰ কঠিয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান৷ কলিয়াবৰ আৰক্ষীৰ
নগাঁৱৰ কঠিয়াতলীত আৰক্ষীৰ অভিযানত তিনিজন ড্ৰাগচ সৰবৰাহকাৰী সহ ১২৩.৮২ গ্ৰাম ড্ৰাগছ জব্দ


নগাঁৱ, ১২ ফেব্ৰুৱাৰী (হি.স.)। নগাঁৱৰ কঠিয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান৷ কলিয়াবৰ আৰক্ষীৰ গোপন খৱৰৰ ভিত্তিত কঠিয়াতলী আৰক্ষীৰে চলায় যুটীয়া অভিযান৷ অভিযানত তিনি ড্ৰাগছ সৰবৰাহকাৰী সহ ১০ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত ১২৩.৮২ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে৷

হোজাইৰ পৰা নগাঁও অভিমুখে আহি থকা এএছ ১২ চিচি ২৮৮৪ নম্বৰৰ এখন ইন'ভা গাড়ীৰ পৰা জব্দ কৰে ড্ৰাগছ সমূহ৷ ধৃত ড্ৰাগছ সৰবৰাহী কেইজনক মুন্না সৰকাৰ, ইমদ্দাদুল ইছলাম আৰু ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে৷ বৰ্তমান কঠিয়াতলী আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক জেৰা অব্যাহত ৰাখিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande