২০২২-২৩ বিত্তীয় বৰ্ষত বিত্ত বিভাগৰ অধীনত ১৯,৭১৫ কোটি কৰ সংগ্ৰহ
গুৱাহাটী, ১২ ফেব্ৰুৱাৰী (হি.স.)। ২০২২-২৩ বিত্তীয় বৰ্ষত বিত্ত( কৰাৰোপন) বিভাগৰ অধীনত ১৯,৭১৫ কোটি টক
২০২২-২৩ বিত্তীয় বৰ্ষত বিত্ত বিভাগৰ অধীনত ১৯,৭১৫ কোটি কৰ সংগ্ৰহ


গুৱাহাটী, ১২ ফেব্ৰুৱাৰী (হি.স.)। ২০২২-২৩ বিত্তীয় বৰ্ষত বিত্ত( কৰাৰোপন) বিভাগৰ অধীনত ১৯,৭১৫ কোটি টকা সংগ্ৰহ কৰা হৈছে। এয়া পূৰ্বৰ বৰ্ষৰ তুলনাত ২১ শতাংশ অধিক। জি এছ টি সংগ্ৰহৰ হাৰৰ ক্ষেত্ৰত দেশৰ কেইখনমান ৰাজ্যৰ ভিতৰত অসম অন্যতম। ২০২৪ বৰ্ষৰ ৩১ জানুৱাৰীলৈকে সংগৃহীত জি এছ টি আৰু অনা জি এছ টিৰ পৰিমাণ ১৮,৪৭৪ কোটি টকা।

এই পৰিমাণ ২০২২-২৩ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত সংগৃহীত ১৬,২৪০ কোটি টকাতকৈ ১৪ শতাংশ অধিক। আজি সদনত ২০২৪-২৫ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে এই তথ্য সদৰী কৰে। তেওঁ নিজ ভাষণত লগতে জনায় যে অনাগত বৰ্ষত এই বৃদ্ধিৰ হাৰ ১৬ শতাংশলৈ উন্নীত কৰাৰ প্ৰচেষ্টা কৰা হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে কৰ ফাকি ৰোধ কৰিবলৈ আই আই টি, হায়ৰাবাদৰ সহযোগত কৰ আয়ুক্তালয়ৰ তথ্য বিশ্লেষণ সামৰ্থ্য বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

ইফালে চাহ উদ্যোগক সকাহ দিবলৈ উদ্যোগটোলৈ আগবঢ়োৱা আয়কৰ ৰেহাইৰ সুবিধা তিনি বছৰলৈ বৃদ্ধি কৰা বুলিও তেঁও বাজেট ভাষণত জনায়। সেইমৰ্মে অতিৰিক্তভাৱে নৱীকৰণযোগ্য বিদ্যুৎ উৎপাদনকাৰী উদ্যোগৰ বাবে বিদ্যুত মাচুল ৰেহাইৰ সুবিধা ৩ বছৰৰ বাবে ২০২৫-২৬ বৰ্ষলৈ বৃদ্ধি কৰা হৈছে। এই ৰেহাইৰ সুবিধাসমূহৰ কোনো সলনি নকৰাকৈ ২০২৫-২৬ বৰ্ষলৈ অব্যাহত থাকিব বুলিও বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে।

ইয়াৰ উপৰি আবকাৰী বিভাগে ২০২২-২৩ বৰ্ষত ২,৫২৭ কোটি কাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আনহাতে ২০২৪ বৰ্ষৰ ৩১ জানুৱাৰীলৈকে বিভাগটোৱে ২,৪৫৯ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ২০২২-২৩ বৰ্ষৰ একে সময়ছোৱাত সংগৃহীত ২,০০৮ কোটি টকাতকৈ এই পৰিমাণ উল্লেখযোগ্য বৃদ্ধিৰে ২২ শতাংশৰো অধিক। ইফালে বিগত বিত্তীয় বৰ্ষটোত আৱকাৰী বিভাগে অবৈধ সুৰা সংক্ৰান্তত ১৩,০০০ তকৈও অধিক গোচৰ ৰুজু কৰাৰ লগতে ৩ হাজাৰ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইফালে অনুজ্ঞাপত্ৰধাৰী বাছনিৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰা আৰু যোগান শৃংখলৰ বিভিন্ন সুৰুঙা নিৰীক্ষণ কৰাৰ বাবে ট্ৰেক এণ্ড ট্ৰেচ পদ্ধতি ৰূপায়ণ কৰিবলৈও চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি নিজ বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande