শিলচৰত ৰোজগাৰ মেলাৰ জৰিয়তে ৬৪ গৰাকী চাকৰি প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান
কাচাৰ, ১২ ফেব্ৰুৱাৰী (হি.স.)। আজি দেশৰ ৪৬ টা স্হানত ৰোজগাৰ মেলাৰ জৰিয়তে ১ লাখতকৈয়ো অধিক নিযুক্তি-পত্
শিলচৰত ৰোজগাৰ মেলাৰ জৰিয়তে ৬৪ গৰাকী চাকৰি প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান


কাচাৰ, ১২ ফেব্ৰুৱাৰী (হি.স.)। আজি দেশৰ ৪৬ টা স্হানত ৰোজগাৰ মেলাৰ জৰিয়তে ১ লাখতকৈয়ো অধিক নিযুক্তি-পত্ৰ বিতৰণ কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিলচৰতো ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী অনুষ্ঠিত হয।

শিলচৰ মাছিপুৰ স্থিত বিএছএফৰ শিবিৰত আয়োজিত এই ৰোজগাৰ মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী৷ এই ৰোজগাৰ মেলাত মুঠ ৬৪ গৰাকী নতুনকৈ নিযুক্তি প্ৰাপকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ মাজতে ডাক বিভাগত ৫৪, এন আই টি ত ৭, চি আৰ পি এফত ২ আৰু বিএছএফত এগৰাকী সহ মুঠ ৬৪ গৰাকী চাকৰি প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ সমগ্ৰ দেশত আজি ৰোজগাৰ মেলাৰ জৰিয়তে ১ লাখতকৈয়ো অধিক নিযুক্তি-পত্ৰ বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিছে এই কাৰ্যসূচীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande