কাছমাৰী মণ্ডল সমল কেন্দ্ৰৰ ৰাইজৰ উৎসৱ
গোলাঘাট, ১২ ফেব্ৰুৱাৰী (হি.স.)। কাছমাৰী মণ্ডল সমল কেন্দ্ৰৰ ৰাইজৰ উৎসৱ। শিক্ষা বিভাগৰ গোলাঘাট জিলাৰ আ
কাছমাৰী মণ্ডল সমল কেন্দ্ৰৰ ৰাইজৰ উৎসৱ


গোলাঘাট, ১২ ফেব্ৰুৱাৰী (হি.স.)। কাছমাৰী মণ্ডল সমল কেন্দ্ৰৰ ৰাইজৰ উৎসৱ। শিক্ষা বিভাগৰ গোলাঘাট জিলাৰ আজি পূৱ খণ্ডৰ ৯ খন বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই ৰাইজৰ উৎসৱ। উল্লেখযোগ্য যে, ৰাজ্যগৰ শিক্ষা খণ্ডত শিক্ষা ব্যৎৱস্থাক ৰাইজৰ কাষচপাই নিয়াৰ লক্ষ্য উদ্দেশ্যৰে সমগ্ৰ অসমৰ প্ৰাথমিক শিক্ষা মিছন বিভাগে গ্ৰহন কৰিছে এই ৰাইজৰ উৎসৱ কাৰ্য্যিসূচী।

কাছমাৰী সমল কেন্দ্ৰৰ অন্তৰ্গত, আদৰ্শ প্ৰাথমিক বিদ্যালয়,দৈয়াং প্ৰাথমিক বিদ্যালয়, অৰুণোদয় প্ৰাথমিক বিদ্যালয়,দুৱৰণী প্ৰাথমিক বিদ্যালয়, কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, ন-মাটি প্ৰাথমিক বিদ্যালয়, মিলনজ্যো তি মধ্য ইংৰাজী বিদ্যা লয়, টনাজান প্ৰাথমিক বিদ্যালয়, ১নং নতুন চাউদাং পথাৰ প্ৰাথমিক বিদ্যালয়। অনুষ্ঠান টোত পূৱাৰ ভাগত পতাকা উত্তোলণ, বৰ্ণাঢ্য শোভাযাত্ৰা, ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু আবেলি ২ বজাৰ পৰা ৯খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ ৰাইজৰ মেল অনুষ্ঠিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande