মাদক দ্ৰব্যৰ বিৰুদ্ধে বৰডুমচা আৰক্ষী থানাৰ সন্মুখত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ
তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী(হি.স.)। তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানা এলেকাত অৰুণাচলী সুৰা, কানি আ
মাদক দ্ৰব্যৰ বিৰুদ্ধে বৰডুমচা আৰক্ষী থানাৰ সন্মুখত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ


তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী(হি.স.)। তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানা এলেকাত অৰুণাচলী সুৰা, কানি আৰু ড্ৰাগচৰ অবাধ প্ৰচলন বৃদ্ধি পাব ধৰিছে ৷ ড্ৰাগছৰ কবলত পৰিছে যুৱ সমাজ। এইক্ষেত্ৰত কুম্ভকৰ্ণৰ নিন্দ্ৰাত মগ্ন হৈছে বৰডুমচাৰ আৰক্ষী প্ৰশাসন। অভিযোগ বৰডুমচাৰ স্থানীয় দল সংগঠনৰ। বৰডুমচাত অবৈধ মাদ্ৰক দ্ৰব্যৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহিল স্থানীয় দল সংগঠনৰ লগতে শতাধিক পুৰুষ মহিলা।

অসমীয়া যুৱ মঞ্চ, বৰডুমচা পেঙেৰী আঞ্চলিক সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বৰডুমচা আঞ্চলিক সমিতি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰডুমচা আঞ্চলিক সমিতিয়ে উত্তাল কৰিলে বৰডুমচাৰ ৰাজপথ। হাতে হাত প্লে কাৰ্ড, পোষ্টাৰলৈ বিভিন্ন শ্লোগানেৰে সমদল কৰি বৰডুমচাৰ থানাৰ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কিৰণ দিহিঙীয়াৰ যোগেদি অবৈধ মাদক দ্ৰব্য ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীৰে জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande