ৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত পুনৰ উজলিল মৰিগাঁৱৰ খেলুৱৈ
–এটা সোণ আৰু দুটা ৰূপসহ মুঠ তিনিটা পদক অৰ্জন গুৱাহাটী, ১২ ফেব্ৰুৱাৰী (হি.স.)। মধ্যপ্ৰদেশৰ ভূপালত ৯
ৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত পুনৰ উজলিল মৰিগাঁৱৰ খেলুৱৈ


–এটা সোণ আৰু দুটা ৰূপসহ মুঠ তিনিটা পদক অৰ্জন

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী (হি.স.)। মধ্যপ্ৰদেশৰ ভূপালত ৯ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৩৪ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত পুনৰ উজলিল মৰিগাঁও জিলাৰ তিনিগৰাকী খেলুৱৈ। অসমক প্ৰতিনিধিত্ব কৰা জিলাখনৰ বিক্ৰমজ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈয়ে দেওবাৰে ৫০০ মিটাৰ কে-২ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ পিছত সোমবাৰে পুনৰ পদক অৰ্জন কৰে। খেলুৱৈ দুগৰাকীয়ে ২০০ মিটাৰ কে -২ শাখাত এটা সোণৰ পদক অৰ্জন কৰি জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আনহাতে সোমবাৰে অনুষ্ঠিত ৫০০ মিটাৰ মিক্সড কে -২ শাখাত বিক্ৰম জ্যোতি কোঁৱৰ আৰু মৰিগাঁৱৰে গাৰ্গী প্ৰিয়দৰ্শিনী বৰদলৈয়ে এটা ৰূপৰ পদক অৰ্জন কৰে। উল্লেখ্য যে মৰিগাঁও জিলাৰ ঔজাৰিৰ বাসিন্দা বিক্ৰমজ্যোতি আৰু দৰ্শনে ২০২২ চনৰ পৰাই জিলাখনৰ ঔজাৰিত থকা কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আনহাতে গাৰ্গীয়ে কেৱল ৮ মাহৰ প্ৰশিক্ষণতে এই সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত মুঠ ২৪ খন ৰাজ্যই প্ৰতিদ্বন্দ্বিতা কৰিছে। বিক্ৰমজ্যোতি আৰু দৰ্শনে ইয়াৰ পূৰ্বেও ভূপালত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। আনহাতে ২০২২ চনতে খেল' ইণ্ডিয়া কোৱালিফায়িং প্ৰতিযোগিতাত খেলুৱৈ দুগৰাকীয়ে দুটা ব্ৰঞ্জৰ পদক জয় কৰিছিল।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande