মৰিগাঁও ঔজাৰীত ৰাইজে জব্দ কৰিলে গৰু ভৰ্তি বাহন
মৰিগাঁও, ১২ ফেব্ৰুৱাৰী (হি.স.): মৰিগাঁও জিলাৰ ঔজাৰীত যোৱাকালি দেওবাৰে সন্ধিয়া ৰাইজে জব্দ কৰে এখন গ
গৰু


মৰিগাঁও, ১২ ফেব্ৰুৱাৰী (হি.স.): মৰিগাঁও জিলাৰ ঔজাৰীত যোৱাকালি দেওবাৰে সন্ধিয়া ৰাইজে জব্দ কৰে এখন গৰু ভৰ্তি বাহন। মৰিগাঁও জাগীৰোড সংযোগী পথৰ ঔজাৰীত জব্দ কৰিছে বাহনখন।বাহনখনত কঢ়িয়াই আনিছিল ১০ টাকৈ গৰু। গৰু কেইটা চোৰাংকৈ অনা বুলি সন্দেহ কৰা হৈছে।

শিৱসাগৰৰ ৰাজমাই বজাৰৰ পৰা মৰিগাঁও কৰতিপামলৈ কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। গৰু সৰবৰাহ কৰা বাহন খনৰ নম্বৰ হৈছে এএছ ০১ পিচি ৬০২৫ আৰু বৰ্তমান বাহনখন জব্দ কৰি মৰিগাঁও সদৰ থানালৈ আনিছে আৰক্ষীয়ে। নৃশংস ভাবে শিৱসাগৰৰ পৰা অনা হৈছিল গৰু সমূহ। ঠেলা হেঁচাকৈ অনা হৈছে ১০টা কৈ গৰু। বাহনখন চালকে গৰু কেইটা শিৱসাগৰৰ ৰাজমাই বজাৰৰ পৰা ক্ৰয় কৰি অনাৰ ৰাচিড দাখিল কৰিছে আৰক্ষীক।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande