অসম বাজেট–১০০০ একৰ এলেকাত গঢ়িব অমৃত গুৱাহাটী সংহত গোলকীয় মহানগৰ
গুৱাহাটী, ১২ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত দাখিল কৰে
অসম বাজেট–১০০০ একৰ এলেকাত গঢ়িব অমৃত গুৱাহাটী সংহত গোলকীয় মহানগৰ


গুৱাহাটী, ১২ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত দাখিল কৰে ২০২৪-২৫ বৰ্ষৰ বিত্তীয় বাজেট। চতুৰ্থবাৰলৈ বাজেটখন পাঠ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে অসম চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট ভাষণত অমৃত গুৱাহাটী সংহত গোলকীয় মহানগৰ নামৰ এখন বিশ্বমানৰ সংহত বাণিজ্যিক মহানগৰ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতি দিছিল।

পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগৰ লগতে নতুন ধৰণৰ আৱাসিক আৰু সামাজিক আন্তঃগাথনিৰ বাবে বিশ্বমানৰ আন্তগাথনিৰ সৈতে মিলাই নিব পৰাকৈ ১০০০ একৰ এলেকাত প্ৰস্তাৱিত এই অমৃত গুৱাহাটী সংহত গোলকীয় মহানগৰ গঢ়ি তোলাৰ বাবে চৰকাৰে পূৰ্ণ পৰিকল্পনা হাতত লৈছে।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande