থলুৱা ভাৱে উপলব্ধ ফল মূল আৰু শাক পাচলিৰ আচাৰৰে আত্মনিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন
শিৱসাগৰ, ১১ ফেব্ৰুৱাৰী (হি স)। থলুৱা ভাৱে উপলব্ধ ফল মূল আৰু শাক পাচলিৰ পৰা আচাৰ উদ্যোগ গঢ়ি শিৱসাগৰ জ
আচাৰ


শিৱসাগৰ, ১১ ফেব্ৰুৱাৰী (হি স)। থলুৱা ভাৱে উপলব্ধ ফল মূল আৰু শাক পাচলিৰ পৰা আচাৰ উদ্যোগ গঢ়ি শিৱসাগৰ জিলাৰ নাচৰিন হুছেইন নামৰ এগৰাকী মহিলাই আত্মনিৰ্ভৰশীলতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। জিলা খনৰ মেজেঙা কেতেকীবাৰী অঞ্চলত ৬৩ বছৰীয়া মহিলা গৰাকীয়ে বিগত বৰ্ষত এই উদ্যোগ স্থাপন কৰিছিল। কেতেকী নামেৰে বজাৰলৈ উলিয়াই দিয়া এই উদ্যোগ মহিলা গৰাকীয়ে অত্যন্ত পেছাদাৰী ভাবে পৰিচালিত কৰিছে ।

উদ্যোগটোৰ বাবে প্ৰয়োজনীয় পেকেজিং, গ্ৰাইণ্ডিঙ আদি সকলো অত্যাধুনিক মেচিন তেওঁ গুজৰাটৰ পৰা ক্ৰয় কৰি আনি অতি নিপুণ ভাবে এই উদ্যোগক সফলতাৰ দিশে আগুৱাই নিছে।নিজ ঘৰৰ চৌহদত থকা নেমু বাৰীৰ নেমু পকি সৰি নষ্ট হোৱা দেখি মহিলা গৰাকীয়ে পৰিয়ালৰ সৈতে পৰামৰ্শ কৰি এই উদ্যোগ আৰম্ভ কৰিছিল।

স্থানীয় ভাবে উপলব্ধ থলুৱা সতেজ ফল মূল আৰু শাক পাচলি সংগ্ৰহ কৰি এই উদ্যোগে আম, কঁঠাল, ভোট জলকীয়া, জলফাই আদিৰ আচাৰ প্ৰস্তুত কৰে। উদ্যোগটোৰ উৎপাদিত কেতেকী আচাৰে সম্প্ৰতি শিৱসাগৰৰ লগতে উজনি অসমৰ কেইবাখনো জিলাত গ্ৰাহকৰ সমাদৰ লাভ কৰাৰ লগতে বজাৰত নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে। এই উদ্যোগৰ জৰিয়তে নাচৰিন বেগমে নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে আন ১০ টা পৰিয়ালক তেওঁৰ উদ্যোগত নিয়োগ কৰি তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande