প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছাৰ প্ৰশ্নৰ ৰসিকতাপূৰ্ণ উত্তৰ কংগনা ৰানাৱটৰ
বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱত সদায় বাতৰিৰ শিৰোনামাত থাকে। কেতিয়াবা তেওঁৰ ছবিৰ বিষয়ে আৰু কেতিয়াবা
কংগনা ৰানাৱট


বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱত সদায় বাতৰিৰ শিৰোনামাত থাকে। কেতিয়াবা তেওঁৰ ছবিৰ বিষয়ে আৰু কেতিয়াবা তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে চর্চিত হৈ পৰে। তেওঁৰ তিনিওখন ছবি ‘ঢাকড়’, তেজছ আৰু চন্দ্ৰমুখী-২ বক্স অফিচত ছুপাৰফ্লপ হৈছিল। এতিয়া কংগনাৰ ছবি ‘ইমাৰজেন্সি’ অতি সোনকালে দৰ্শকৰ সন্মুখত মুক্তি পাবলৈ ওলাইছে। এই ছবিখনৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এনে পৰিস্থিতিত কংগনাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব খোজা বুলি কংগনাৰ এটা বক্তব্য চৰ্চা চলি আছে।

কংগনা ৰানাৱত এইকেইদিন নিজৰ আগন্তুক ছবি ‘ইমাৰজেন্সি’ৰ প্ৰচাৰত ব্যস্ত। শেহতীয়াকৈ এটা অনুষ্ঠানত এটা প্ৰশ্ন কৰা হৈছিল যে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বিচাৰে নেকি? অভিনেত্ৰীগৰাকীয়ে দিয়া উত্তৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ ক'লে, মই ইমাৰজেন্সি নামৰ এখন ছবি কৰি আছো। এই ছবিখন চোৱাৰ পিছত মোক প্ৰধানমন্ত্ৰী হিচাপে কোনেও চাব নিবিচাৰিব।’’

‘ইমাৰজেন্সি’ সময়ক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। ইয়াত ১৯৭৫ চনৰ ২৫ জুনৰ পৰা দেশত আৰম্ভ হোৱা জৰুৰীকালীন পৰিস্থিতি দেখুওৱা হ’ব। এই ছবিখন কংগনা ৰানাৱটে নিজেই পৰিচালনা কৰিছে। চিনেমাখনত তেওঁক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত দেখা যাব শ্ৰেয়াছ তালপাডে। অনুপম খেৰে বিশিষ্ট সমাজবাদী নেতা জয় প্ৰকাশ নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিব। এতিয়া অভিনেতা বিছাক নায়াৰক সঞ্জয় গান্ধীৰ চৰিত্ৰত দেখা যাব।

ৰাজনীতিত প্ৰৱেশ কৰিব কংগনা-

২০১৪ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখন দেশত ক্ষমতালৈ অহাৰ পিছৰে পৰা বিজেপিৰ প্ৰতিটো স্থিতি মুকলিকৈ সমৰ্থন কৰা অভিনেত্ৰী কংগনাই এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ ওলাইছে। বিজেপিৰ টিকটত কংগনাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কংগনাৰ পিতৃয়ে কৈছিল যে কোনখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া দলেই সিদ্ধান্ত ল’ব।

শেহতীয়াকৈ কংগনা ৰানাৱটে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰএছএছ)ৰ প্ৰশংসা কৰে। তেওঁ কয় যে আৰ এছ এছে দেশৰ বাবে বহু কাম কৰিছে আৰু আজিও দেশক একত্ৰিত কৰি ৰাখিবলৈ কাম কৰি আছে। মোৰ মতাদৰ্শ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত মিল আছে। এই দেশপ্ৰেমমূলক সংগঠনটোৰ কাম-কাজত মই আপ্লুত হৈছো। ক্ষমতালৈ অহাৰ পিছত আৰ এছ এছৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত লোকে কৰা যি কাম কৰিছে সেয়া ৭০ বছৰত কৰিব পৰা নাযায় বুলি তেওঁ কৈছিল। কিছুদিন পূৰ্বে তেওঁ এইটোও কৈছিল যে নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে দেশখনে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ


 rajesh pande