বিশ্ব জলজ চেম্পিয়নশ্বিপ : চীনৰ কলাত্মক সাঁতোৰ ফ্ৰী ইভেণ্টৰ খিতাপ লাভ
দোহা, ১০ ফেব্ৰুৱাৰী (হি.স.)। চীনে বিশ্ব জলজ চেম্পিয়নশ্বিপত শুকুৰবাৰে অনুষ্ঠিত হোৱা কলাত্মক সাঁতোৰ
চীনৰ সাঁতোৰ দল


দোহা, ১০ ফেব্ৰুৱাৰী (হি.স.)। চীনে বিশ্ব জলজ চেম্পিয়নশ্বিপত শুকুৰবাৰে অনুষ্ঠিত হোৱা কলাত্মক সাঁতোৰ ফ্ৰী ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে।

মুঠ ৩৩৯.৭৬০৪ পইণ্ট লাভ কৰি চীনে প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰি ডোহাত অনুষ্ঠিত হোৱা তিনিটা দলীয় ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি জয়ৰ ধাৰাবাহিকতা সম্পূৰ্ণ কৰে।

চীনৰ প্ৰশিক্ষক জাং জিয়াওহুয়ানৰ উদ্ধৃতিৰে ছিনহুয়াই কয় যে, দলটোৰ প্ৰদৰ্শনে মোক উৎসাহেৰে ভৰাই তোলে। তেওঁলোকৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে, যিটো তেওঁলোকৰ নিষ্পাদনৰ মানদণ্ড আৰু তেওঁলোকৰ ৰুটিনৰ কলাত্মক আবেদনৰ পৰাই উদ্ভৱ হৈছে।

ঝাঙে কয় যে আজি আমাৰ পৰম্পৰাগত চীনা নৱবৰ্ষ।এই জয় কেৱল চীনৰ জনসাধাৰণৰ বাবে উপহাৰ নহয়, আমাৰ সমগ্ৰ দলৰ বাবেও এক আনন্দ উদযাপন।

জাপানে ৩১৫.২২২৯ পইণ্টেৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে আমেৰিকাই ৩০৪.৯০২১ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ


 rajesh pande