দৰ্শকৰ বাবে সতীশ কৌশিকৰ শেষৰখন ছবি কাগজ ২ৰ ট্ৰেইলাৰ মুক্তি
কিছু মাহ পূৰ্বে অভিনেতা সতীশ কৌশিকৰ দেহাৱসান ঘটে। ইফালে কাগজ ২ ছবিখন সতীশ কৌশিকৰ অন্তিমখন ছবিত পৰি
সতীশ কৌশিক


কিছু মাহ পূৰ্বে অভিনেতা সতীশ কৌশিকৰ দেহাৱসান ঘটে। ইফালে কাগজ ২ ছবিখন সতীশ কৌশিকৰ অন্তিমখন ছবিত পৰিণত হৈছে। ছবিখনৰ ট্ৰেইলাৰত দেখা গৈছে ছোৱালীজনীৰ হৃদয়বিদাৰক মৃত্যুৰ আঁৰৰ কাৰণ। অভিনেতা অনুপম খেৰে এই ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে। অনুপম খেৰে ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি কৌশিকক শ্ৰদ্ধাঞ্জলি জনাইছে।

ট্ৰেইলাৰ চোৱাৰ পিছত বুজিব পাৰি যে ৰাজনৈতিক বিবাদত কোনোবাই মৃত্যুবৰণ কৰিলেও কাৰো বাবে কোনো গুৰুত্ব নাই। ব্যক্তিগত সমাৱেশ আৰু নিৰ্বাচনী প্ৰচাৰৰ প্ৰতি সকলোৱে আগ্ৰহী। কেনেকৈ এজন পিতৃয়ে নিজৰ ছোৱালীৰ বাবে যুঁজ দিয়ে। দেখা গৈছে যে তেওঁ আদালতলৈ গৈ ছোৱালীজনীৰ বাবে কাতৰ অনুৰোধ কৰে। এই ছবিখন অতি গুৰুতৰ বিষয়ত নিৰ্মাণ কৰা হৈছে। অনুপম খেৰে ছবিখনত সতীশ কৌশিকৰ অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ বাবেই ছবিখনৰ ক্লাইমেক্সৰ সৃষ্টি হয়। অনুপম খেৰে ন্যায়াধীশৰ সন্মুখত তৰ্ক কৰি কেনেদৰে নিজৰ ক্লায়েণ্টৰ ন্যায় লাভ কৰে সেয়া দৰ্শকৰ বাবে আকৰ্ষণীয় হ’ব। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দৰ্শন কুমাৰে। এইখন হ’ব সতীশ কৌশিকৰ অন্তিমখন ছবি।

২০২৩ চনৰ ০৯ মাৰ্চত কৌশিকৰ মৃত্যু হয়। সেই সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ। ছ’চিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি জনাই অনুপম খেৰে তেওঁৰ মৃত্যুৰ খবৰ দিছিল। ১৯৫৬ চনত হাৰিয়ানাত জন্মগ্ৰহণ কৰিছিল সতীশ কৌশিকে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত সতীশ কৌশিক আৰু অনুপম খেৰৰ সাক্ষাৎকাৰ হৈছিল। ১৯৮২ চনত মাছুম ছবিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল সতীশে। সতীশ কৌশিকে মিষ্টাৰ ইণ্ডিয়া, দীৱানা মস্তানা, সাজন চালে সসুৰাল আদি বহু ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও তেওঁ ৰূপ কি ৰাণী চোৰন কা ৰজা, প্ৰেম, হুম আপকে দিল মেই ৰেহতে হায়, তেৰে নাম আদি ছবি পৰিচালনা কৰিছিল।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ


 rajesh pande