বাংলাদেশত কন্দুৱাইছে পিঁয়াজে, ১২০ টকাত এক কেজি
ঢাকা, ১০ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশত পিঁয়াজ কিনাটো সৰ্বসাধাৰণ মানুহৰ বাবে কঠিন হৈ পৰিছে। এসপ্তাহত
পিঁয়াজ


ঢাকা, ১০ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশত পিঁয়াজ কিনাটো সৰ্বসাধাৰণ মানুহৰ বাবে কঠিন হৈ পৰিছে। এসপ্তাহত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ৩০ টকা (বাংলাদেশৰ মুদ্ৰা টাকা) বৃদ্ধি পাইছে। ভাৰতীয় মুদ্ৰাত এক টকাৰ মূল্য ৭৬ পইচা। বৰ্তমান বাংলাদেশত এক কিলো পিঁয়াজ ১২০ টকাত বিক্ৰী কৰা হৈছে।

ইফালে ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশ পোৱা মতে, বিগত এসপ্তাহত পাকঘৰৰ বহু সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে, তথাপিও পিঁয়াজৰ দাম নিয়ন্ত্ৰণহীন হৈ আছে । যোৱা সপ্তাহত পিঁয়াজৰ দাম আছিল প্ৰতি কেজিত ৯০ টকা। সাত দিনত ১২০ টকালৈ বৃদ্ধি পাইছে। ঢাকাৰ আগশাৰীৰ আলু-পিঁয়াজ বিক্ৰেতা এম ডি চেলিমে কয় যে এইটো সঁচাকৈয়ে চিন্তনীয়। ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পিঁয়াজৰ দাম। যোৱা শুকুৰবাৰে তেওঁ এক কিলোগ্ৰাম পিঁয়াজ ৯০ টকাত বিক্ৰী কৰিছিল। এতিয়া তেওঁ প্ৰতি কেজি ১২০ টকাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে। দুৰ্ভাগ্যজনকভাৱে এই উঠা-নমাবোৰ তেওঁলোকৰ নিয়ন্ত্ৰণত নাই। চেলিমে কয় যে ৰমজানৰ আগতে মূল্য কৰ্তনৰ কোনো সম্ভাৱনা নাই।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande