কাঠমাণ্ডু, ১২ ডিচেম্বৰ (হি.স.)। চীনে দালাই লামাৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰা পঞ্চেন লামাৰ শুকুৰবাৰৰ প্ৰস্তাৱিত নেপাল ভ্ৰমণৰ অনুমতি বাতিল কৰা হৈছে। চীন সমৰ্থিত পঞ্চেন লামাৰ নেপাল ভ্ৰমণৰ তথ্য ফাদিল হোৱাৰ পিছত কাঠমাণ্ডুৰ বহু কূটনীতিবিদে ইয়াৰ বিৰোধিতা কৰিছিল। বেইজিঙে পঞ্চেন লামাক দালাই লামাৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰিব বিচাৰিছে যদিও আমেৰিকা, ইউৰোপ আৰু অন্যান্য পশ্চিমীয়া দেশৰ লগতে নিৰ্বাসিত তিব্বতী শৰণাৰ্থীসকলেও চীনৰ এই প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে।
শুকুৰবাৰে লুম্বিনিত অনুষ্ঠিত বৌদ্ধ ধৰ্ম সন্মিলনত অংশগ্ৰহণৰ বাবে পঞ্চেন লামাই চাৰ্টাৰ্ড বিমানেৰে চীনৰ চাংডু হৈ কাঠমাণ্ডুলৈ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছিল। জানিব পৰা মতে চীনৰ দূতাবাসে নেপালৰ বৈদেশিক মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক চেংডুৰ পৰা পোনপটীয়াকৈ ভৈৰহাৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহিবলৈ আবেদন জনাইছিল। পঞ্চেন লামাৰ নেপাল ভ্ৰমণক লৈ হেঁচা দিয়াৰ মাজতে চৰকাৰে তেওঁৰ ভ্ৰমণৰ অনুমতি (ট্ৰেভেল পাৰ্মিট) বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
বুধবাৰে পঞ্চেন লামাৰ নেপাল ভ্ৰমণৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছৰে পৰা নেপালৰ বৈদেশিক মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল যে লামাৰ নেপাল ভ্ৰমণে বহু দেশৰ সৈতে সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক অমৃত ৰায়ে কয় যে পঞ্চেন লামাৰ নেপাল ভ্ৰমণ সন্দৰ্ভত তেওঁৰ হাতত কোনো তথ্য নাই, সেয়েহে তেওঁ এই বিষয়ত গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰি পত্ৰ লিখিছে ।
অৱশ্যে এই সন্দৰ্ভত গৃহমন্ত্ৰী ৰমেশ লালকাৰে অজ্ঞানতা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা কেইবাদিনো তেওঁ কাঠমাণ্ডুৰ পৰা ওলাই আহিছে আৰু তেওঁৰ জ্ঞাত মতে পাঞ্চেন লামাৰ নেপাল ভ্ৰমণৰ অনুমতি সম্পৰ্কে কোনো তথ্য নাই। কিন্তু বিশেষজ্ঞসকলে কয় যে গৃহ মন্ত্ৰালয়ৰ অনুমতি অবিহনে তেওঁৰ ভ্ৰমণৰ সময় নিৰ্ধাৰণ কৰাটো অসম্ভৱ। গৃহ মন্ত্ৰালয়ৰ অধীনলৈ অহা ইমিগ্ৰেচন বিভাগে তেওঁলোকৰ ভ্ৰমণৰ অনুমতি প্ৰদান কৰে।
এই কাৰ্যসূচীৰ আয়োজক লুম্বিনি উন্নয়ন পুঁজিৰ উপ-সভাপতি লহৰকয়াৰ লামাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ জগৰীয়া কৰিছে। তেওঁ দাবী কৰে যে এই কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ অনুমতিৰ পিছতহে সিদ্ধান্ত লোৱা হৈছিল আৰু এই কাৰ্যসূচীত বিতৰ্কিত চীনা ধৰ্মগুৰুজনৰ অংশগ্ৰহণৰ তথ্যও প্ৰধানমন্ত্ৰীয়ে তেওঁক দিছিল। আজি তেওঁ সাংবাদিকসকলক ফোন কৰি কয় যে পঞ্চেন লামাই হয়তো এতিয়া ভ্ৰমণ কৰিব নোৱাৰিব কাৰণ তেওঁৰ ভ্ৰমণৰ বাবে গৃহ মন্ত্ৰালয়ে দিয়া অনুমতি বাতিল কৰা হৈছে।
এই কাৰ্যসূচীৰ বাবে প্ৰস্তুতি চলাবলৈ লুম্বিনি উন্নয়ন পুঁজিৰ অধ্যক্ষ তথা পৰ্যটন মন্ত্ৰী বদ্ৰী পাণ্ডে লুম্বিনিত উপস্থিত। পাঞ্চেন লামাৰ আগমনৰ পৰিপ্ৰেক্ষিতত লুম্বিনিত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। বৃহস্পতিবাৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয় যে হয়তো এতিয়া বিতৰ্কিত ধৰ্মগুৰুগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ নকৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ দায়িত্বও গ্ৰহণ কৰা বদ্ৰী পাণ্ডেয়ে কয় যে বেইজিঙৰ পৰা চীনৰ লুম্বিনিলৈ অহা বিমানৰ অৱতৰণৰ অনুমতি বাতিল কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া