তিনিচুকীয়াত অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থানত বাছ ভস্মীভূত
তিনিচুকীয়া, ০১ জুন (হি স)। তিনিচুকীয়াৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত আজি পুৱাই এক অঘটন সংঘটিত
তিনিচুকীয়াত অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থানত বাছ ভস্মীভূত


তিনিচুকীয়া, ০১ জুন (হি স)। তিনিচুকীয়াৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত আজি পুৱাই এক অঘটন সংঘটিত হয়। অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত ৰখাই থোৱা এখন বাছত অগ্নিকাণ্ড সংঘটিত হয় । ফলত জুইত সম্পূৰ্ণৰূপে বাছখন ভস্মীভূত হয় ।

প্ৰাপ্ত তথ্য়মতে, তেজপুৰলৈ যাবলগীয়া আছিল অগ্নিকাণ্ড সংঘটিত হোৱা বাছখন। পিছে জুইত জাহ যায় মুন ট্ৰেনজিট নামৰ এএচ ১২ বিচি ৯৪৪৭ নম্বৰৰ বাছখন। কাৰিকৰী বিজুতিৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে। সৌভাগ্যক্ৰমে সেইসময়ত বাচ খনত কোনো যাত্ৰী নাছিল।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande