অনুৰ্ধ-২০ বিশ্বকাপ: কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল, ইটালি, নাইজেৰিয়া আৰু কলম্বিয়া
আৰ্জেণ্টিনা, ০১ জুন (হি.স)। ইটালি, নাইজেৰিয়া, কলম্বিয়া আৰু ব্ৰাজিলে বুধবাৰে অনুৰ্ধ-২০ বিশ্বকাপৰ কো
ব্ৰাজিল


আৰ্জেণ্টিনা, ০১ জুন (হি.স)। ইটালি, নাইজেৰিয়া, কলম্বিয়া আৰু ব্ৰাজিলে বুধবাৰে অনুৰ্ধ-২০ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

ছান জুয়ানত প্ৰায় ৩০,০০০ অনুৰাগীৰ সন্মুখত আয়োজক আৰ্জেণ্টিনা দল নাইজেৰিয়াৰ হাতত ২-০ গ’লত পৰাজিত হয়, যাৰ ফলত ঘৰুৱা দলটোৰ বাবে এক অসম্ভাৱ্য অভিযানৰ সমাপ্তি ঘটে। ইটালীয়ে পলমকৈ গ’ল কৰিও ইংলেণ্ডক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল।

ইফালে কলম্বিয়াই চাৰি মিনিটৰ ব্যৱধানত ইয়াৰ তিনিটা গ’ল কৰি স্লোভাকিয়াক ৫-১ গ’লত পৰাজিত কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে।

আনহাতে ব্ৰাজিলে টিউনিচিয়াক ৪-১ গ’লত পৰাস্ত কৰে। নেইমাৰ আৰু ভিনিচিয়াছৰ উত্তৰাধিকাৰীসকলে একেৰাহে তিনিখন মেচ জিকি অনুৰ্ধ-২০ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। যোৱাকালি বুধবাৰে নিশা (৩১ মে’) অন্তিম ১৬ ৰ খেলত ব্ৰাজিল অনুৰ্ধ-২০ দলে টিউনিচিয়াক ৪-১ গ’লত পৰাস্ত কৰে।

আৰ্জেণ্টিনাৰ ডিয়েগো আৰ্মান্দো ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ ১১ মিনিটত প্ৰতিযোগিতাখনৰ পাঁচবাৰৰ চেম্পিয়ন সকলে প্ৰথমটো গ’ল কৰে।

মাৰ্কোচ লিওনাৰ্ডোৱে স্পট কিকৰ পৰা গ’ল কৰিবলৈ কোনো ভুল কৰা নাছিল। ব্ৰাজিলৰ হৈ মেথিউছ মাৰ্টিন্স আৰু আন্দ্ৰে চেণ্টোছে (২) গ’ল কৰে। খেলখনৰ চূড়ান্ত হুইচেলৰ অলপ আগতে টিউনিছিয়াৰ হৈ মাহমুদ ঘোৰবেলে একমাত্ৰ গ’লটো কৰিছিল।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande