ফকিৰগঞ্জৰ কুশবাৰীত ভয়ংকৰ গৰাখহনীয়াত ভীতিগ্ৰস্ত নৈপৰীয়া ৰাইজ
ধুবুৰী, ০১ জুন (হি স)। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টি আৰু জলেশ্বৰ সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চল কুশ
ফকিৰগঞ্জৰ কুশবাৰীত ভয়ংকৰ গৰাখহনীয়াত ভীতিগ্ৰস্ত নৈপৰীয়া ৰাইজ


ধুবুৰী, ০১ জুন (হি স)। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টি আৰু জলেশ্বৰ সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চল কুশবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ অঞ্চলবাসী ৰাইজে সম্প্ৰতি ভীতিগ্ৰস্থ হৈ পৰা পৰিলক্ষিত হৈছে ৷

খহনীয়াৰ ভয়াৱহতাৰ বাবেই কুশবাৰী অঞ্চলৰ ৰাইজে আপোন ঘৰ খন ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাত ব্যস্ত হৈ পৰিছে ৷ কুইশবাৰী অঞ্চলৰ ১১৯ নং অঙ্গনবাড়ী কেন্দ্ৰ খনটোও ৰাইজে আঁতৰাই নিয়ে ৷ যোৱা দুই মাহৰ ভিতৰতে উক্ত অঞ্চলৰ সুন্দৰপাৰা গাওঁ পঞ্চায়ত খন সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ যোৱাৰ লগতে নস্কৰা গাওঁ পঞ্চায়তৰ বহু কেইটা গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ গৈছে ৷ যোৱা কেইদিন ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি এটাৰ পিছত আন এটাকৈ বাসগৃহ ভাঙি লৈছে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু ভিতিগ্ৰস্ত হৈ পৰিছে অঞ্চলবাসীসকল ৷ কুশবাৰী অঞ্চলৰ একমাত্ৰ ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠান কুশবাৰী হাই স্কুলখন ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ যোৱাত উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অনিশ্চয়তা ৷

দক্ষিণ শালমাৰা আৰু জলেশ্বৰ সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে স্থানীয় সাংসদ- বিধায়কৰ বিৰুদ্ধে । চৰকাৰক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande