পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰলৈ ঘূৰাই দিলে জেড-প্লাছ নিৰাপত্তা
-দিল্লী চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰোধিতা কৰি লয় এই পদক্ষেপ চণ্ডিগড়, ০১ জুন (হি.স.)।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী


-দিল্লী চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰোধিতা কৰি লয় এই পদক্ষেপ

চণ্ডিগড়, ০১ জুন (হি.স.)। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখি জেড-প্লাছ নিৰাপত্তা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ভগৱন্ত মানে কৈছে যে পঞ্জাৱ আৰক্ষী তেওঁক সুৰক্ষা দিবলৈ সম্পূৰ্ণভাৱে সক্ষম।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নিৰাপত্তাৰ কথা উল্লেখ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক জেড-প্লাছ নিৰাপত্তা প্ৰদান কৰিছিল। জেড-প্লাছ নিৰাপত্তা লাভ কৰাৰ পিছত ভগৱন্ত মান বিৰোধীৰ লক্ষ্যও হৈ পৰিছিল।

অতিৰিক্ত নিৰাপত্তাৰ বিষয়টোক লৈ পঞ্জাৱৰ আম আদমী পাৰ্টি চৰকাৰক বিৰোধী দলসমূহে নিৰন্তৰ আক্ৰমণ কৰি আছিল। ইফালে, ভগৱন্ত মানে বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়লৈ এখন পত্ৰ লিখি জেড-প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে। দিল্লীত অধিকাৰৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অধ্যাদেশ জাৰী কৰাৰ প্ৰতিবাদত ভগৱন্ত মানে এই পদক্ষেপ গ্ৰহণ কৰিছে।

ভগৱন্ত মানে পত্ৰখনত লিখিছে যে পঞ্জাৱ আৰক্ষীয়ে তেওঁক সুৰক্ষা দিবলৈ সম্পূৰ্ণভাৱে সক্ষম। তেওঁ পঞ্জাৱ আৰক্ষীৰ কৰ্মচাৰীসকলকহে তেওঁৰ লগত ৰাখিব বিচাৰে।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ


 rajesh pande