তামুলপুৰ, ০১ জুন (হি স)। অহা ১৫ জুনত ভাৰত বন্ধৰ ঘোষণা কৰিছে আদিবাসী সেঙ্গেল অভিযানে। এই ভাৰত বন্ধৰ ঘোষণা কৰে আদিবাসী সেঙ্গেল অভিযানৰ কেন্দ্ৰীয় নেতা ছালখান মূৰ্মূৱে। কুমাৰীকাটাত আদিবাসী সেঙ্গেল অভিযানৰ সাৰনা ধৰ্ম কোড জনসভাত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে কেন্দ্ৰীয় নেতা গৰাকীয়ে।
তামুলপুৰৰ কুমাৰীকাটাত আদিবাসী চেঙ্গেল অভিযান বাক্সা জিলা সমিতিৰ এখন সাৰনা ধৰ্ম কোড জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় নেতা ছালখান মূৰ্মূৱে তেওঁলোকৰ দাবীসমূহৰ প্ৰতি সৰব হৈ পৰে। চান্তালী ভাষা বিজেতা ৰাষ্ট্ৰীয় আদিবাসী নেতা তথা ঝাৰখণ্ডৰ প্ৰাক্তন সাংসদ ছালখান মূৰ্মূৱে অহা ১৫ জুনত ভাৰত বন্ধৰ লগতে ৩০ জুনত কলকাতা চলো শীৰ্ষক আলোড়নেৰে কলকাতাৰ ব্ৰিগেড বাৰেড খেলপথাৰত বিশ্ব সাৰনা ধৰম কোড জনসভাৰ কথা উল্লেখ কৰে ।
আদিবাসী সেঙ্গেল অভিযানৰ বিভিন্ন দাবীৰ সমৰ্থনত উক্ত কাৰ্যসূচীৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় নেতা ছালখান মূৰ্মূৱে। শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ চৰকাৰে মানি নললে আগন্তুক দিনত অনিৰ্দিষ্ট কাললৈ ৰেল, ৰোড অৱৰোধ কৰাৰো হুংকাৰ দিছে কেন্দ্ৰীয় নেতা ছালখান মূৰ্মূৱে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ