বিদ্যুতৰ অভাৱত হাটশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ
দক্ষিণ শালমাৰা-মানকাচাৰ, ০১ জুন (হি স)। দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মহকুমা অসামৰি
বিদ্যুতৰ অভাৱত হাটশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ


দক্ষিণ শালমাৰা-মানকাচাৰ, ০১ জুন (হি স)। দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মহকুমা অসামৰিক চিকিৎসালয়ত যোৱানিশা চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বিদ্যুত যোগান নিদিয়াত অসহ্য গৰমত ৰোগীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আনকি চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে অক্সিজেন নেপাই মুমূৰ্ষ ৰোগীয়ে ছটফটাই থকাৰ লগতে বিচনীয়ে একমাত্ৰ সাৰথি হোৱা ঘটনাই সচেতন ৰাইজক উদ্ধিগ্ন কৰি তুলিছে।

উল্লেখযোগ্য যে জিলাখনৰ একমাত্ৰ মহকুমা অসামৰিক চিকিৎসালয়খনত তেল অধিক খৰছৰ অজুহাত দেখুৱাই চিকিৎসালয় কৰ্তৃপক্ষই বিদ্যুতৰ লোডশ্বেডিঙৰ মাজত অসহ্য গৰমতো চৰকাৰে যোগান ধৰা ডিজি বন্ধ কৰি ৰখাত ৰোগী আৰু অভিভাৱকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কেৱল ইনভাৰ্টাৰৰ বাল্ব জ্বলাই নামমাত্ৰ পোহৰৰ ব্যাৱস্থা কৰাত বাধ্যহৈ ৰোগীক অসহ্য গৰমৰ পৰা ৰক্ষা কৰিবলৈ পৰিয়ালৰ লোকে বিচনীৰে বতাহ দিব লগা হয়। আনকি চৰকাৰে যোগান ধৰা ডিজিত ঘন্টাত ১২লিটাৰ তেল খৰছ হোৱাৰ অভিযোগ তুলি মুমূৰ্ষ ৰোগীক অক্সিজেন দিয়াৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে। যাৰবাবে মুমূৰ্ষ ৰোগীও অসহ্য গৰমত চটফটাই মৃত্যু যন্ত্ৰনা ভুগিব লগা হৈছে।

মন কৰিবলগীয়া কথা যে দীৰ্ঘদিনৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বিদ্যুৎ বিভাগৰ পয়ালগা অৱস্থাৰ বাবে বিদ্যুৎ যোগান অনিয়মীয়া হৈ আছে। দিনটোত ৪/৫ ঘন্টাহে বিদ্যুৎ যোগান দিয়াৰ লগতে বাকী সময় লোডশ্বেডিংৰ বাবে বিদ্যুৎ যোগান বন্ধ হৈ থাকে। এনেক্ষেত্ৰত জিলাখনৰ ৰাইজৰ নিৰ্ভৰযোগ্য একমাত্ৰ অসামৰিক চিকিৎসালয়খনত চৰকাৰে যোগান ধৰা ডিজি বন্ধ ৰাখি মুমূৰ্ষ ৰোগী-প্ৰসুতিক চিকিৎসাৰ নামত মৃত্যু যন্ত্ৰণা দিয়া কিমান যুক্তিসংগত সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande