উৎকট গৰম–গোলাঘাটত ৰাজহুৱাভাৱে আয়োজন ভেকুলী বিয়া
গোলাঘাট, ০১ জুন (হি স)। উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি সকলোৱে হাবাথুৰি খোৱাৰ
উৎকট গৰম–গোলাঘাটত ৰাজহুৱাভাৱে আয়োজন ভেকুলী বিয়া


গোলাঘাট, ০১ জুন (হি স)। উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি সকলোৱে হাবাথুৰি খোৱাৰ সময়তে গোলাঘাটত ৰাজহুৱাভাৱে আয়োজন কৰা হয় এখন ভেকুলী বিয়াৰ ৷ সম্পূৰ্ণ ৰীতি-নীতিৰে আয়োজন কৰা ভেকুলী বিয়াত গোলাঘাটৰ বহু লোকে অংশগ্ৰহণ কৰে। আয়তীৰ উৰুলি, জোৰানাম আদিৰে মুখৰ হৈ পৰে গোলাঘাটৰ এই বিয়াখনত ৷

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি গোলাঘাটত আয়োজন কৰা হ’ল ভেকুলীৰ বিয়াখন ৷ জেঠমহীয়া প্ৰখৰ ৰ’দৰ বাবে কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ পথাৰৰ মাটি চিয়াল ফাট মেলাত এতিয়া কৃষকসকলৰ লগতে সকলোৰে চিন্তা বাঢ়িছে ৷ যাৰবাবে এইদৰে গোলাঘাটৰ নগৰাঞ্চলৰ পুৰণা আমোলাপট্টি আৰু আঠখেলীয়াৰ লোকসকলে মিলি আয়োজন কৰিলে ভেকুলীৰ বিয়া ৷ আঠখেলীয়াৰ দৰাৰ লগতে গোলাঘাটৰ পুৰণা আমোলাপট্টিৰ হৈছে কইনা ৷

ইফালে দৰাৰ লগত আহিছে শতাধিক বৰযাত্ৰীক সুন্দৰভাৱে আপ্যায়ন কৰাত ব্যস্ত হৈ পৰে কইনাঘৰীয়া লোকসকল ৷ অসমীয়া পৰম্পৰা অনুসৰি বামুণীয়া প্ৰথাৰেই আয়োজন কৰা হৈছে বিয়াখন ৷ বৰষুণ আহক বা নাহওক এইসকল লোকে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পতা ভেকুলীৰ বিয়াখন চাবলৈ বহুলোকৰ আগমন হোৱাৰ লগতে একেলগে সকলোৱে আনন্দ কৰা দেখা গ’ল ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande