ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ২৮৮ জন
- আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটন
কৰোনা


- আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ

নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। শেহতীয়াকৈ এই সংক্ৰমণ হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি বৃহস্পতিবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ২৮৮ জন লোক আক্ৰান্ত হৈছে। ইফালে ভাৰতত কৰোনাত দুজন লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হৈছে। ইয়াৰে এজন কেৰালাত পূৰ্বে মৃত্যুমুখত পৰা লোকৰ সংখ্যা আইচিএমআৰ নীতি নিৰ্দেশনামতে তথ্য সন্মিবিষ্ট কৰা হৈছে। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি বৃহস্পতিবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৪,৫৫,০৭৯ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ৫৮৩ জন লোক।

ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৭২ জন(১.১৮ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৩,৯২৪ জন। দৈনিক সংক্ৰমণৰ হাৰ হৈছে ০.২৮ শতাংশ। যিটো মুঠ সংক্ৰমণৰ ০.০১ শতাংশ।

আনহাতে যোৱা ২৪ ঘণ্টাত, সমগ্ৰ দেশত ১,০৩,৭৩৬ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। ইফালে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি বৃহস্পতিবাৰৰ পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৭,১১,৬৮৯ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টা(বুধবাৰ)ত দেশত বুষ্টাৰ বা সতৰ্কতামূলক পালি আৰু ১৮ বছৰৰ উৰ্ধৰ তথা ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ চেমনীয়াসকলকে ধৰি মুঠ ১,৩১৭ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande