ৰঙিয়াৰ চেপ্তিত এক পথ দুৰ্ঘটনা সংঘটিত
কামৰূপ, ০১ জুন (হি স)। ৰঙিয়াৰ চেপ্তিত আজি পুৱাই এক পথ দুৰ্ঘটনা সংঘটিত হয় । এখন যাত্ৰীবাহী বাছ আৰু এ
ৰঙিয়াৰ চেপ্তিত এক পথ দুৰ্ঘটনা সংঘটিত


কামৰূপ, ০১ জুন (হি স)। ৰঙিয়াৰ চেপ্তিত আজি পুৱাই এক পথ দুৰ্ঘটনা সংঘটিত হয় । এখন যাত্ৰীবাহী বাছ আৰু এখন স্কুল বাছৰ মাজত সংঘৰ্ষ হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বৰপেটা অভিমুখী এখন বাছে ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলৰ খালী বাছ এখনত খুন্দা মাৰে ।

প্ৰাপ্ত তথ্য়মতে, ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে স্কুলৰ বাছখন উঠাই দিয়াত গুৱাহাটীৰ ফালৰ পৰা আহি থকা যাত্ৰীবাহী বাছখনে খুন্দা মাৰে । ফলত প্ৰায় ২০ গৰাকী যাত্ৰী কম বেছি পৰিমাণে আহত হয় । আহত সকলক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে । স্কুলৰ বাছখনে ছাত্র-ছাত্ৰীক আনিবলৈ ওলাই আহিছিল ।স্থানীয় ৰাইজে জনোৱা মতে বিদ্যালয়ৰ বাছখনৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande