গোৱালপাৰাৰ হোটেলৰ পৰা নাৰীদেহ ব্যৱসায়ৰ সন্দেহত ৫ পুৰুষ মহিলা আটক
গোৱালপাৰা, ০১ জুন (হি স)। গোৱালপাৰা চহৰৰ একাংশ হোটেল সমূহত নিশা ৰমৰমীয়া দেহব্যৱসায় চলি থকাৰ অভিযোগ
গোৱালপাৰাৰ হোটেলৰ পৰা নাৰীদেহ ব্যৱসায়ৰ সন্দেহত ৫ পুৰুষ মহিলা আটক


গোৱালপাৰা, ০১ জুন (হি স)। গোৱালপাৰা চহৰৰ একাংশ হোটেল সমূহত নিশা ৰমৰমীয়া দেহব্যৱসায় চলি থকাৰ অভিযোগ উঠিছে। এই অভিযোগৰ মাজতে গোৱালপাৰা চহৰৰ দোস্তীনগৰৰ হোটেল ফৰ চিজনত নিশা চলে আৰক্ষীৰ অভিযান। এই অভিযানত নাৰীদেহ ব্যৱসায়ৰ সন্দেহত ৫পুৰুষ মহিলা সহ হোটেলৰ মালিকক আটক কৰে আৰক্ষীয়ে। লগতে আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় ।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি হোটেলখনত চলি আছিল নাৰীদেহ ব্যৱসায়। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই হোটেলৰ মালিকসহ ৫গৰাকী পুৰুষ মহিলা আটক কৰে। ইয়াৰে দুগৰাকী মহিলা আৰু তিনি গৰাকী পুৰুষক আৰক্ষীয়ে আটক কৰে। ইফালে আৰক্ষীৰ অভিযানৰ সময় শ শ লোক সমাবেত হয় আৰু দেহ ব্যৱসায়ীৰ ঘাটিত পৰিণত হোৱা হোটেল খন বন্ধ কৰি দিয়াৰ দাবী জনাই ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ৰাইজৰ অভিযোগ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ পৰাও বহু যুৱক যুৱতী আহে হোটেল খনলৈ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande