বংগ শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত কালিঘাটৰ কাকুক গ্ৰেপ্তাৰ ইডিৰ
কলকাতা, ৩১ মে’ (হি.স.)। পশ্চিম বংগৰ বহু চৰ্চিত শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিনীয়া জেৰাৰ অ
teacher recruitment corruption


কলকাতা, ৩১ মে’ (হি.স.)। পশ্চিম বংগৰ বহু চৰ্চিত শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিনীয়া জেৰাৰ অন্তত মঙলবাৰে মাজনিশা ১২ বজাত কেন্দ্ৰীয় প্ৰৱৰ্তন সঞ্চালকালয়ে সুজশ কৃষ্ণ ভদ্ৰক গ্ৰেপ্তাৰ কৰে। ভদ্ৰক ৰাজনৈতিক মহলত কালিঘাটৰ কাকু বুলি জনা যায়।

মঙলবাৰে পুৱা প্ৰায় ১১ বজাত কাকুৱে সংস্থাটোৰ চি জি অ’ কমপ্লেক্সৰ কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে গৈছিল। অফিচত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক সোধা হ’ল যে আপুনি ভয় খাইছে নেকি? তেওঁ কৈছিল যে মই যেতিয়া ওলাই আহিম তেতিয়া মোৰ আত্মবিশ্বাস আপোনালোকে দেখিব। আৰু মাজনিশা খবৰ আহিল যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

এই গ্ৰেপ্তাৰৰ সন্দৰ্ভত বিজেপিৰ বিধায়ক তথা বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে টুইট কৰি কয় যে আইনৰ দীঘলীয়া বাহু লাহে লাহে মাষ্টাৰমাইণ্ডৰ ওচৰলৈ গৈছে। কাকুৰ পিছত কিংপিনৰ পাল। এই টুইটত অধিকাৰীয়ে ভদ্ৰাৰ সৈতে জড়িত এখন নথি আপলোড কৰিছে।

তৃণমূল কংগ্ৰেছেও এক বিবৃতি প্ৰকাশ কৰিছে। মুখপাত্ৰ কুনাল ঘোষে কয় যে বিৰোণ বিশ্বাসে কংগ্ৰেছ এৰি তৃণমূলত যোগদান কৰাৰ পিছৰে পৰা এই প্ৰতিশোধৰ খেল সংঘটিত হৈছে। সুজয়ৰ গ্ৰেপ্তাৰত সুখী বিজেপি, চিপিএম আৰু কংগ্ৰেছ। তিনিওটা দলৰ মিত্ৰতাই যে সুখী হোৱাৰ সুযোগ পাইছে তাৰ ইংগিত।

উল্লেখযোগ্য যে যোৱা ৪ মে’ত চিবিআইয়ে আলিপুৰৰ কাকুৰ ফ্লেটত অভিযান চলাইছিল। ইয়াৰ পিছত ২০ মে’ত ইডিয়ে অভিযান চলায়। এই গোচৰত গ্ৰেপ্তাৰ হোৱা এজন মূল মধ্যভোগীয়ে কাকু, তৃণমূল নেতা কুন্তল ঘোষ, তপস মণ্ডল আদিৰ মূল ভূমিকা প্ৰকাশ কৰিছিল। এই গোচৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী আৰু তেওঁৰ পত্নীৰ কথিত ভূমিকা সম্পৰ্কেও তদন্ত চলাই আছে সংস্থাসমূহে।

হিন্দুস্থান সমাচাৰ/ওম প্ৰকাশ/অৰৱিন্দ/মনোজ


 rajesh pande