কাছাৰ–হাইলাকান্দিত বাৰ্মিজ চুপাৰি জব্দ
হাইলাকান্দি, ৩১ মে’(হি.স.) । বৰাক উপত্যাকাত অব্য়াহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ। হাইলাকান্দি আৰু
চুপাৰি


হাইলাকান্দি, ৩১ মে’(হি.স.) । বৰাক উপত্যাকাত অব্য়াহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ। হাইলাকান্দি আৰু কাছাৰ আৰক্ষীয়ে বিশাল পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰিছে। হাইলাকান্দিৰ অসম মিজেৰাম সীমান্তৰ ৰামনাথপুৰ আৰক্ষীয়ে শেহতীয়াকৈ জব্দ কৰে ২৩ বস্তা বাৰ্মিজ চুপাৰি । ৰামানাথপুৰ আৰক্ষীৰ নাকা চেকিঙত যোৱা নিশা জব্দ হয় এই চুপাৰি খিনি ।

জানিব পৰামতে, মিজোৰামৰ পৰা এএছ ০১ এনচি ৪১৮৯ নম্বৰৰ এখন ডিআই ট্ৰাকৰে হাইলাকান্দিলৈ সৰবৰাহ কৰাৰ সময়ত ৰামনাথপুৰ আৰক্ষী জব্দ কৰে ২৩ বস্তা বাৰ্মিজ চুপাৰি খিনি । ইফালে ট্ৰাক আৰু চুপাৰি জব্দ কৰিছে যদিও ট্ৰাকৰ চালকক আটক কৰিব পৰা নাই ৰামনাথপুৰ আৰক্ষীয়ে । জব্দকৃত বাৰ্মিজ চুপাৰি খিনিৰ মুল্য ৫ লাখ টকা হ’ব বুলি অনুমাম কৰিছে আৰক্ষীয়ে ।

ইফালে কাছাৰৰ জিৰিঘাট আৰক্ষী থানাৰ আৰক্ষীৰ তালাচী অভিযানত এএছ ২৫ ইচি ০৩৮৫ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে আৰু ৩৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে। এই চুপাৰিসমূহ বাহনখনত এক গোপন চেম্বাৰ প্ৰস্তুত কৰি সৰবৰাহ কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande