এছিয়া কাপ ২০২৩ৰ বাবে ২৩ জনীয়া ভাৰতীয় অনুৰ্ধ-১৭ পুৰুষ ফুটবল দল ঘোষণা
নতুন দিল্লী, ৩১ মে’(হি.স.) । ভাৰতীয় অনুৰ্ধ-১৭ পুৰুষ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক বিবিয়ানো ফাৰ্ণাণ্ডেজ
ভাৰতীয় অনুৰ্ধ-১৭ পুৰুষ ফুটবল দল 


নতুন দিল্লী, ৩১ মে’(হি.স.) । ভাৰতীয় অনুৰ্ধ-১৭ পুৰুষ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক বিবিয়ানো ফাৰ্ণাণ্ডেজে মঙলবাৰে এএফচি অনুৰ্ধ-১৭ এছিয়া কাপ থাইলেণ্ড ২০২৩ৰ বাবে ২৩ জনীয়া দল ঘোষণা কৰে। ভাৰতৰ অনুৰ্ধ-১৭ খেলুৱৈসকলে যোৱা ডেৰ মাহ ধৰি স্পেইন আৰু জাৰ্মানীত প্ৰশিক্ষণ লৈ আছে, আৰু এটলেটিকো ডি মাদ্ৰিদ, চিডি লেগানেছ, ৰিয়েল মাদ্ৰিদ চিএফ, গেটাফে চিএফ, ভিএফবি ষ্টুটগাৰ্ট, এছএছভি ৰোটলিংগেনৰ যুৱ দলৰ বিৰুদ্ধে প্ৰস্তুতিমূলক মেচ খেলিছে। দলটোৱে ১ জুনত থাইলেণ্ড ভ্ৰমণ কৰিব, আৰু পাথুম থানি আৰু বেংককৰ গ্ৰুপ ডিত ভিয়েটনাম (১৭ জুন), উজবেকিস্তান (২০ জুন) আৰু জাপানৰ (২৩ জুন) মুখামুখি হ'ব।

দলটো ৰাওনা হোৱাৰ পূৰ্বে মুখ্য প্ৰশিক্ষক বিবিয়ানো ফাৰ্ণাণ্ডেজে কৈছিল যে- আমি স্পেইন আৰু জাৰ্মানীত এটা ভাল সময় অতিবাহিত কৰিছিলো আৰু ল'ৰাবোৰে এই দুয়োখন দেশৰ বহুতো শীৰ্ষ দলৰ হৈ খেলিবলৈ পাইছিল। আমি এটলেটিকো মাদ্ৰিদ, ষ্টুটগাৰ্ট আৰু অগচবাৰ্গৰ প্ৰশিক্ষকসকলৰ সৈতে কিছুমান ভাল প্ৰশিক্ষণ অধিৱেশনকৰিছিলো, যিটো ল'ৰাবোৰৰ বাবে এটা ভাল শিকাৰ অভিজ্ঞতা আছিল। এতিয়া আমি এএফচি অনুৰ্ধ-১৭ এছিয়ান কাপৰ বাবে থাইলেণ্ডলৈ যাওঁতে আগন্তুক পথত মনোনিবেশ কৰাৰ সময় আহি পৰিছে।

এএফচি অনুৰ্ধ-১৭ এছিয়ান কাপ থাইলেণ্ড ২০২৩ৰ বাবে ২৩ জনীয়া ভাৰতীয় দলটো নিম্নলিখিত ধৰণৰ: গোলৰক্ষকঃ চাহিল, জুলফিকাৰ গাজী, প্ৰণৱ সুন্দৰৰমণ। ডিফেণ্ডাৰঃ ৰিকি মিতেই হাওবাম, সুৰজকুমাৰ সিং নগাংবাম, মুকুল পানৱাৰ, মালেমাংগাম্বা সিং থোকচোম, পৰমবীৰ, ধনজিৎ আছাংবাম। মিডফিল্ডাৰঃ ভানলালপেকা গুইটে, ডেনি মেইটেই লাইশ্ৰাম, গুৰনাজ সিং গ্ৰেৱাল, কোৰু সিং থিংগুজাম, লালপেখলুয়া, ৰোহেন সিং চাফমায়ুম, ওমুং ডোডুম, ফৈজান ৱাহিদ, আকাশ তিৰ্কী, প্ৰচিত বিশ্বাস নায়েক গাওঙ্কাৰ। ফৰৱাৰ্ড: থাংগলচুন গাংটে, শাশ্বত পানৱাৰ, গোগোচা চুংখাম, লেমেট টাংৱাহ। মুখ্য প্ৰশিক্ষকঃ বিবিয়ানো ফাৰ্ণাণ্ডেজ।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰৱিন্দ


 rajesh pande