ক্ষেত্ৰীত বিলাসীবাহনত গৰুসহ সৰবৰাহকাৰী আটক
গুৱাহাটী, ৩০ মে’(হি.স.) । ক্ষেত্ৰী আৰক্ষীৰ জালত পৰিছে বিলাসী বাহনসহ গো-সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো
ক্ষেত্ৰীত বিলাসীবাহনত গৰুসহ সৰবৰাহকাৰী আটক


ক্ষেত্ৰীত বিলাসীবাহনত গৰুসহ সৰবৰাহকাৰী আটক


ক্ষেত্ৰীত বিলাসীবাহনত গৰুসহ সৰবৰাহকাৰী আটক


গুৱাহাটী, ৩০ মে’(হি.স.) । ক্ষেত্ৰী আৰক্ষীৰ জালত পৰিছে বিলাসী বাহনসহ গো-সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো নগাঁও লাওগাঁৱৰ ছাবেদ আলী বুলি চিনাক্ত কৰা হৈছে। ইফালে অন্য তিনি সৰবৰাহকাৰীয়ে পলায়ন কৰে। বাহন খনৰ পৰা উদ্ধাৰ কৰা হয় দুটাকৈ গো-ধন।

উল্লেখ্য যে এএছ ১২ ৩৩৪০নম্বৰৰ ফৰ্ড ইকো স্পোৰ্ট বাহনত আসন খুলি চেম্বাৰ বনাই অতি কৌশলেৰে সৰবৰাহ কৰিছিল গো-ধন কেইটা। মাজনিশা ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰৰ এঘৰ লোকৰ গোহালিৰ পৰা চুৰি কৰি বিলাসীবাহনত উঠাইছিল গো-ধনকেইটা।

ক্ষেত্ৰী আৰক্ষীৰ তহলদাৰী দলে মাজনিশা তেতেলীয়াৰ লালমাটিত জব্দ কৰে বাহনসহ গো-ধনকেইটা।

হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ


 rajesh pande