দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত দুখনকৈ শিক্ষানুষ্ঠানত চুৰিকাণ্ড
কামৰূপ, ৩০ মে’(হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত দুখনকৈ শিক্ষানুষ্ঠানত চুৰিকাণ্ডৰ ঘটনা সংঘটিত
চোৰ


কামৰূপ, ৩০ মে’(হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত দুখনকৈ শিক্ষানুষ্ঠানত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ দক্ষিণ মহিমাৰী প্ৰাথমিক বিদ্যালয় আৰু একেখন চৌহদত থকা অংগনাৱাড়ী কেন্দ্ৰত চোৰৰ এই চাফাই অভিযান চলে ৷

শিক্ষানুষ্ঠান দুখনৰ তলা ভাঙি চাউল দালি, বাচন-বৰ্তন, চিলিং ফেন, গেছ চিলিণ্ডাৰ, খেলৰ সামগ্ৰী, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে অন্যান্য বহু সা-সমগ্ৰী চোৰে লুটি নিয়ে ৷

উক্ত ঘটনা সন্দৰ্ভত শিক্ষানুষ্ঠান দুখনৰ ফালৰ দিয়া এজাহাৰৰ ভিত্তিত গৰৈমাৰী আৰক্ষীয়ে শিক্ষানুষ্ঠানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande