উৎকোচ গ্ৰহণৰ সময়ত হাতেলোতে ধৰা পৰিল বাক্সা জিলাৰ চক্ৰ বিষয়া
বাক্সা, ২৯ মে’(হি.স.)। অসমৰ বাক্সা জিলাৰ এজন চক্ৰ পৰিদৰ্শকক ৪০ হাজাৰ টকাৰ উৎকোচৰ ধন গ্ৰহণ কৰাৰ অপৰাধ
গ্ৰেপ্তাৰ


বাক্সা, ২৯ মে’(হি.স.)। অসমৰ বাক্সা জিলাৰ এজন চক্ৰ পৰিদৰ্শকক ৪০ হাজাৰ টকাৰ উৎকোচৰ ধন গ্ৰহণ কৰাৰ অপৰাধত দুৰ্ণীতি প্ৰশমণ আৰু নিবাৰক সঞ্চালকালয়ৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰে। অভিযুক্ত চৰকাৰী বিষয়া জন বাক্সাৰ চিমলাৰ চক্ৰ পৰিদৰ্শক গণেশ বৰ্মন বুলি জানিব পৰা গৈছে।

দুৰ্ণীতি প্ৰশমণ আৰু নিবাৰক সঞ্চালকালয়ৰ কাৰ্যালয়ে জানিব দিয়া অনুসৰি, অভিযোগকাৰীৰ কোনো আত্মীয়ৰ বিৰুদ্ধে থানাত ৰজু থকা কোনো অপৰাধমূলক গোচৰৰ পৰা সকাহ দিয়াৰ বিনিময়ত অভিযোগকাৰীৰ পৰা ৪০ হাজাৰ টকা উৎকোচ হিচাপে বিচাৰিছিল। এই ধন নিজৰ কাৰ্যালয়ত গ্ৰহণ কৰি থকা অৱস্থাত চক্ৰ পৰিদৰ্শক গৰাকীক দুৰ্ণীতি নিবাৰক শাখাৰ বিষয়াই হাতে লোতে গ্ৰেপ্তাৰ কৰে।

হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ


 rajesh pande