পুটিনক সাক্ষাৎ কৰাৰ পিছত হঠাৎ অসুস্থ বেলাৰুছৰ ৰাষ্ট্ৰপতি, চিকিৎসালয়ত ভৰ্তি
-তেজ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়াৰ পৰা বিষ দিয়াৰ চৰ্চা মস্কো, ২৯ মে’(হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদ
পুটিন– লুকাচেঙ্কো 


-তেজ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়াৰ পৰা বিষ দিয়াৰ চৰ্চা

মস্কো, ২৯ মে’(হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰাৰ পিছত বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটে। তেওঁক সংকটজনক অৱস্থাত মস্কোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য অনুসৰি, বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক লগ কৰিবলৈ মস্কোত উপস্থিত হৈছিল।

ইফালে বেলাৰুছৰ বিৰোধী নেতা ভেলেৰী চেপকালোৱে কয় লুকাচেঙ্কো আৰু পুটিনে ৰুদ্ধদ্বাৰ আলোচনা কৰাৰ পিছত লুকাচেঙ্কোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, । যাৰ পিছত লুকাচেঙ্কোক মস্কোৰ কেন্দ্ৰীয় নিদানিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চেপালোৱে কৈছিল যে ৰাছিয়াৰ শীৰ্ষ চিকিৎসকসকলে লুকাচেঙ্কোৰ চিকিৎসা কৰি আছিল কিন্তু তেওঁৰ অৱস্থা সংকটজনক হৈ আছে। চেপকালোৱে জনাইছিল যে লুকাচেঙ্কোৰ তেজ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে।

সাধাৰণতে, শৰীৰত বিষ প্ৰৱেশ কৰিলে তেজ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া কৰা হয়। এইকাৰণেই লুকাচেঙ্কোক বিষ দিয়াৰ চৰ্চা চলি আছে। অৱশ্যে, এই বিষয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই। অৱশ্যে, লুকাচেঙ্কোৰ স্বাস্থ্য দীৰ্ঘদিন ধৰি অৱনতি হৈ আহিছে। অৱশ্যে, লুকাচেঙ্কোৱে দাবী কৰিছিল যে সকলো ঠিকেই আছে আৰু তেওঁ সোনকালেই আৰোগ্য হৈ উঠিব।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ


 rajesh pande