তেহৰাণ, ২৮ মে’ (হি.স.)। ইৰাণে সম্প্ৰতি আফগানিস্তানৰ সৈতে থকা সীমান্তত যাতায়ত বন্ধ কৰি দিছে। আফগানিস্তানৰ তালিবান শাসনৰ নিৰাপত্তা বাহিনীয়ে অপ্ৰৰোচিত গুলীচালনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ইফালে, পানীৰ বিবাদক লৈ শনিবাৰে দুয়োখন দেশৰ মাজত কেইবা ঘণ্টা ধৰি চলি থকা তীব্ৰ গুলীচালনাত তিনিজন জোৱান নিহত হোৱা বুলি দাবী কৰে।
ইৰাণৰ উপ-আৰক্ষী মুৰব্বী জেনেৰেল কাছিম ৰেজাইয়ে কয় যে সীমান্তত এই গুলীচালনা অকাৰণতে তালিবানে আৰম্ভ কৰিছিল। ইৰাণৰ ছিস্তান আৰু বেলুচিস্তান প্ৰদেশৰ সীমান্তত তালিবানৰ নিৰাপত্তা বাহিনীয়ে তীব্ৰ গুলীচালনা কৰিছে। এই প্ৰদেশসমূহৰ সীমা আফগানিস্তানৰ নিমৰোজ প্ৰদেশৰ সৈতে সংলগ্ন।
একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই গুলীচালনাত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ জোৱান নিহত আৰু আহত হৈছে। একাংশ সংবাদ মাধ্যমে এই গুলীচালনাত ইৰাণৰ সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজন জোৱানৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। আনহাতে, আফগান স্বৰাজ মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল নাফি টাকোৰে ইৰাণৰ বাহিনীয়ে প্ৰথম গুলীচালনা আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰে। টাকোৰে কৈছে যে এতিয়া সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ