নদুৱাৰৰ টুপীয়া পাঁচগাঁও একাডেমীত অংঙ্গনবাদী কৰ্মীসকলকলৈ ৰেচিপী প্ৰতিযোগীতা
বিশ্বনাথ, ৩১ মার্চ (হি.স.): আজি নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত টুপীয়া পাঁচগাঁও একাডেমীত
নদুৱাৰৰ টুপীয়া পাঁচগাঁও একাডেমীত অংঙ্গনবাদী কৰ্মীসকলকলৈ ৰেচিপী প্ৰতিযোগীতা


বিশ্বনাথ, ৩১ মার্চ (হি.স.): আজি নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত টুপীয়া পাঁচগাঁও একাডেমীত ৫নং আৰু ১১নং চাৰ্কোলৰ উদ্যোগত পোষণ পষোৱাৰা উদযাপন কৰে । উক্ত পোষণ পষোৱাৰা অনুষ্ঠানত প্ৰায় অৰ্ধ শতাধিক অংঙ্গনবাদী কৰ্মীসকলকলৈ ৰেচিপী প্ৰতিযোগীতাৰ আয়োজন কৰা হয় ৷ নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বিভিন্ন পোষণ খাদ্যৰ উপস্থাপন কৰা দেখা যায় ৷

কন কন শিশুসকলৰ লগতে গৰ্ভবৰ্তী মহিলাসকলৰ শৰীৰ সুস্থ ৰাখিবৰ বাবে সুষম আৰু পুষ্টিকৰ খাদ্য হিচাপে মিলেটচ বা শ্ৰী অন্ন কনীধানো উপস্থাপন কৰা দেখা যায় । এখন অংঙ্গনবাদী কেন্দ্ৰত কি দৰে কন কন শিশুসকলৰ বাবে পোষণ খাদ্য তৈয়াৰ কৰে আৰু ছাত্ৰ-ছাত্ৰীক কি জুটিৰে খাবলৈ দিয়া হয় তাৰ ওপৰতে এই প্ৰতিযোগীতা অনুষ্ঠিত হয় আৰু প্ৰতিযোগীতাত স্থান লাভ কৰা অংঙ্গনবাদী কৰ্মী সকলক পুৰস্কৃতও কৰা হয় ৷ এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া নিৰবী তালুকদাৰ, চোপাৰভাইজাৰ মিনু দেৱী, অঞ্চলৰে জেষ্ঠ সমাজকৰ্মী শিক্ষক নিতুমনি বৰা, বিশিষ্ট সাংবাদিক ফনিন্দ্ৰ বৰুৱা, সমাজসেৱক বকুল ভূঞা, সাংবাদিক নৱদ্বিপ ভূঞা, চন্দন শৰ্মা, প্ৰেম তিৱাৰী প্ৰমুক্ষে কৰি উচ্চ বিষয়া সকলে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande