ছাব-জুনিয়ৰ ল'ৰাৰ ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপত মধ্যপ্ৰদেশৰ খিতাপ
গুৱাহাটী, ৩১ মাৰ্চ (হি.স)। হেণ্ডবল ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ তত্বাবধানত আৰু অসম হেণ্ডবল সন্থাৰ উদ্যোগত
 ৰাষ্ট্ৰীয় হেণ্ডবল


গুৱাহাটী, ৩১ মাৰ্চ (হি.স)। হেণ্ডবল ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ তত্বাবধানত আৰু অসম হেণ্ডবল সন্থাৰ উদ্যোগত সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত ৩৭ সংখ্যক ছাব-জুনিয়ৰ (ল'ৰা) ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপত মধ্যপ্ৰদেশ চেম্পিয়ন হয়। ২৭ মাৰ্চত অৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ ফাইনেলত আজি মধ্যপ্ৰদেশ হাৰিয়ানাক ৩৬-২৪ গ'লত পৰাস্ত কৰে।

ইফালে, আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ সামৰণী অনুষ্ঠানত ৩৭ সংখ্যক ছাব-জুনিয়ৰ (ল'ৰা) ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপ আয়োজন কমিটিৰ সভাপতি ড০ অশোক কুমাৰ সিংঘী, হেণ্ডবল ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব প্ৰীতপল সিং ছালুজা, হেণ্ডবল ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপসভাপতি ড০ প্ৰদীপ কুমাৰ বালমুচু, অসম হেণ্ডবল সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে মনোজ শইকীয়া আৰু উত্তম কুমাৰ ব্ৰহ্ম উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ


 rajesh pande