অন্ত পৰিল আন্ত: ৰাজ্যিক চিনিয়ৰ পুৰুষ-মহিলা খো- খো প্ৰতিযোগিতা
তিনিচুকীয়া, ৩১ মাৰ্চ (হি.স.)। অন্ত পৰিল আন্ত: ৰাজ্যিক চিনিয়ৰ পুৰুষ-মহিলা খো- খো প্ৰতিযোগিতা। মাৰ্ঘ
খো খো–ফাইল ফটো


তিনিচুকীয়া, ৩১ মাৰ্চ (হি.স.)। অন্ত পৰিল আন্ত: ৰাজ্যিক চিনিয়ৰ পুৰুষ-মহিলা খো- খো প্ৰতিযোগিতা। মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় উদীয়মান খেলুৱৈ প্ৰয়াত জিন্টু গগৈৰ পবিত্ৰ স্মৃতিত তিনিদিনীয়াকৈ অনুস্থিত হৈছিল ২৩ সংখ্যক উত্তৰ পূৰ্বাঞ্চল আন্ত: ৰাজ্যিক চিনিয়ৰ পুৰুষ-মহিলা খো- খো প্ৰতিযোগিতা।

পোন প্ৰথম বাৰৰ বাবে মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত অনুস্থিত প্ৰতিযোগীতা খনিৰ আজি সফল পৰিসমাপ্তি ঘটে। অৰুনাচল, অসম, মেঘালয়, ত্ৰিপুৰা, চিকিম, মনিপুৰৰ পৰা অহা প্ৰতিযোগী দলে অংশগ্ৰহন কৰা প্ৰতিযোগীতা খনিৰ অন্তিম চুৰান্ত খেল খন অনুস্থিত হয় অসম আৰু মণিপুৰৰ মাজত।

মহিলা শাখাত অসম দলে মণিপুৰক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে পুৰুষ শাখাত মণিপুৰ দলে অসমক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। আজি অন্তিম দিনা অনুস্থিত বটা বিতৰণি সভাত অসমৰ লগত ৬ খন ৰাজ্যৰ প্ৰতিনিধিৰ দল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ/ প্ৰকাশ/অৰৱিন্দ/মনোজ


 rajesh pande