মুদ্ৰা-সংকটগ্ৰস্ত দেশসমূহৰ সৈতে টকাৰ ব্যৱসায় কৰিবলৈ সাজু ভাৰত : বাণিজ্য সচিব
নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। ডলাৰৰ অভাৱ বা মুদ্ৰাৰ সংকটৰ সন্মুখীন হোৱা সকলো দেশৰ সৈতে ভাৰতে ভাৰতীয
গোৱেল


নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। ডলাৰৰ অভাৱ বা মুদ্ৰাৰ সংকটৰ সন্মুখীন হোৱা সকলো দেশৰ সৈতে ভাৰতে ভাৰতীয় মুদ্ৰা টকাৰে ব্যৱসায় কৰিবলৈ সাজু। শুকুৰবাৰে নতুন বৈদেশিক বাণিজ্য নীতি (এফটিপি) উন্মোচন কৰাৰ পিছত বাণিজ্য সচিব সুনীল বাৰ্থৱালে এইকথা ব্যক্ত কৰে।

বাণিজ্য সচিবগৰাকীয়ে ২০২৩-২৮ বিদেশ নীতি ঘোষণাৰ পিছত কয় যে ভাৰত চৰকাৰে টকাৰ হিচাপত পৰিশোধৰ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে ভাৰতীয় টকাক বিশ্বব্যাপী মুদ্ৰা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এফটিপিত পৰিৱৰ্তন কৰা হৈছে, যাতে ইয়াত বৈদেশিক বাণিজ্য লেনদেন সম্ভৱ হয়।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেলে নতুন দিল্লীৰ বাণীজ্য ভৱনত ২০২৩-২৮ বৰ্ষৰ বৈদেশিক বাণিজ্য নীতি মুকলি কৰে। এই উপলক্ষে গোৱেলে বিশ্বাস ব্যক্ত কৰে যে ২০৩০ চনৰ ভিতৰত ২ ট্ৰিলিয়ন ডলাৰৰ ৰপ্তানিৰ লক্ষ্য প্ৰাপ্ত কৰা হ'ব। তেওঁ জোৰ দি কৈছিল যে কোনো উদ্যোগকে কেৱল ৰাজসাহায্য বা সমৰ্থনৰ ক্ষেত্ৰত সফল হ'ব নোৱাৰে। গোৱেলে কয় যে অনাগত দিনত ৰপ্তানি সম্পৰ্কীয় ধাৰণাও সলনি হ'ব।

ইফালে, বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধান (ডিজিএফটি) সন্তোষ সাৰংগীয়ে সংবাদ মাধ্যমক নতুন বৈদেশিক বাণিজ্য নীতি ২০২৩-২৮ ৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে পৰম্পৰাগতভাৱে পাঁচ বছৰীয়া এফটিপি ঘোষণা কৰা হৈছে কিন্তু এই শেহতীয়া নীতিৰ কোনো ম্যাদ উকলি যোৱা তাৰিখ নাই। ইয়াক প্ৰয়োজন অনুসৰি আপডেট কৰা হ'ব। ডিজিএফটিয়ে কয় যে ২০২২-২৩ বৰ্ষৰ শেষলৈ ভাৰতৰ মুঠ ৰপ্তানি ৭৬০-৭৭০ বিলিয়ন ডলাৰ হ'ব বুলি আশা কৰা হৈছে, যি ২০২১-২২ বৰ্ষত ৬৭৬ বিলিয়ন ডলাৰ আছিল।

পূৰ্বৱৰ্তী বৈদেশিক বাণিজ্য নীতি ২০১৫ চনৰ পহিলা এপ্ৰিলৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যকৰী হৈছিল, কিন্তু কৰোনা মহামাৰীৰ বাবে কেইবাবাৰো সম্প্ৰসাৰিত কৰা হৈছিল। আঁচনিখন শেষবাৰৰ বাবে ২০২২ চনৰ ছেপ্টেম্বৰত ৩১ মাৰ্চ, ২০২৩ লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ পৰিৱৰ্তে, নতুন এফটিপি পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ/অৰবিন্দ


 rajesh pande