দোতমাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম জন্মদিন উদযাপন
কোকৰাঝাৰ, ৩১ মার্চ (হি.স.): আজি কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম
দোতমাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম জন্মদিন উদযাপন।


দোতমাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম জন্মদিন উদযাপন।


কোকৰাঝাৰ, ৩১ মার্চ (হি.স.): আজি কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম জন্মদিন উদযাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। এবছুৰ উদ্য়োগত দিন জোৰা কাৰ্যসূচীৰে অনুসৰি পুৱাই পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ হয়।

পতাকা উত্তোলন পিছত শ্বহীদ বেদীত পুজপাঞ্জলীৰে শ্ৰদ্ধা নিবেদন জনায় তথা শান্তিৰ বাবে বেলুন আৰু পাৰ চৰাই উৰুৱাই সমদল বাহিৰ কৰে। ইফালে কেন্দ্রীয় সভাপতি দ্বিপেন বড়োৰ সভাপত্বিত এখন মুকলি সভাৰ আয়োজন কৰা হয় । উক্ত সভাত বডোফাৰ জীৱনৰ ওপৰত আলোচনা কৰা হয়। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৭ তম জন্মদিন উদযাপন কাৰ্যসূচীত এবছুৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়ো , ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম লগত এবছু, ইউ পি পি এলৰ সদস্য সকল উপস্থিত থাকে। উক্ত দিনাত এবছুৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়োৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বডোফাৰ জন্ম দিনটো অসমত ছাত্ৰৰ দিৱস হিচাপে পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ তথা ডঃ হিমন্ত বিশ্ব শৰ্মা লৈ ধন্যবাদ দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande