আমেৰিকাৰ পৰ্ণ তাৰকাৰ সৈতে সম্পৰ্কৰ বাবে ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে চলিব গোচৰ
ৱাশ্বিংটন, ৩১ মাৰ্চ (হি.স.)। অহা বছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰবাৰ ভাগ্য পৰীক্ষা কৰাৰ কথা ঘো
us1_1


ৱাশ্বিংটন, ৩১ মাৰ্চ (হি.স.)। অহা বছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰবাৰ ভাগ্য পৰীক্ষা কৰাৰ কথা ঘোষণা কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিপদ বৃদ্ধি পাইছে। পৰ্ণ ষ্টাৰ (প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা) ষ্টৰ্মি ডেনিয়েলছৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ভাৰতীয় মূলৰ দুই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী নিকি হেলী আৰু বিবেক ৰামাস্বামীয়ে এই সিদ্ধান্তক সমালোচনা কৰিছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ২০১৬ চনৰ পৰাই এই অভিযোগ উত্থাপন হৈছে। ২০১৬ চনত ষ্টৰ্মি ডেনিয়েলছে ট্ৰাম্পৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক প্ৰকাশ কৰিছিল। অভিযোগ কৰা হৈছে যে এই কথা জানিব পাৰি ট্ৰাম্পৰ দলৰ অধিবক্তা মাইকেল কোহেনে ষ্টৰ্মীক ১ লাখ ৩০ হাজাৰ ডলাৰ দি মৌনতা অৱলম্বন কৰিছিল। নেভাদাত অনুষ্ঠিত হোৱা চেলিব্ৰিটি গলফ প্ৰতিযোগিতাৰ সময়ত ট্ৰাম্পে তেওঁক নিজৰ হোটেলৰ কোঠালৈ নিমন্ত্ৰণ কৰা বুলিও ষ্টৰ্মিৰ অভিযোগ আছে। ট্রাম্পে ষ্টর্মিক টিভি ষ্টাৰ হিচাপে গঢ়ি তোলাৰ প্রতিশ্রুতি দিছিল ৷ ষ্টৰ্মিৰ বিৰুদ্ধে ট্ৰাম্পে প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে যদিও ট্ৰাম্পে ষ্টৰ্মিৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক থকা বুলি অস্বীকাৰ কৰিছে। তেওঁ কয় যে তেওঁ একো ভুল কৰা নাই। ২০০৭ চনৰ জুলাই মাহত যেতিয়া ষ্টৰ্মি ডেনিয়েলছে ট্ৰাম্পক লগ পাইছিল তেতিয়া তেওঁৰ বয়স আছিল ২৭ বছৰ আৰু ট্ৰাম্পৰ বয়স আছিল ৬০ বছৰ।

এই বিষয়টো ফেডাৰেল ইলেকচন কমিছন আৰু নিউয়ৰ্ক প্ৰচিকিউটৰ দুয়োটাৰে ওচৰলৈ গৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। এতিয়া এই গোচৰত গঠিত গ্ৰেণ্ড জুৰীয়ে তদন্তৰ অন্তত ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্ত লৈছে। অপৰাধমূলক বিচাৰৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে ট্ৰাম্প। অৱশ্যে এই অভিযোগ ৰাজহুৱা কৰা হোৱা নাই। এই গোচৰত গ্ৰেপ্তাৰ বা শাস্তি পালেও তেওঁ হ’ব প্ৰথমজন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি যিয়ে এনে ব্যৱস্থাৰ সন্মুখীন হ’ব।

২০১৮ চনৰ আগষ্ট মাহত ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত বিত্তীয় অনিয়মৰ অভিযোগ মানি লৈছিল। একে সময়তে ষ্টৰ্মি ডেনিয়েলছক ধন দিয়াত সহায় কৰাৰ কথাটোও তেওঁ মানি লৈছিল। ট্ৰাম্পৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সহায় কৰিবলৈ প্লেবয়ৰ এগৰাকী প্ৰাক্তন মডেলক ধন দিয়াৰ কথাও স্বীকাৰ কৰে। কোহেনে কৈছিল যে তেওঁ এই সকলোবোৰ ট্ৰাম্পৰ নিৰ্দেশত কৰিছিল।

বিগত সময়ত ট্ৰাম্পে তেওঁক গ্ৰেপ্তাৰ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল। তেওঁৰ দাবী যে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলে তেওঁক ৰখাবলৈ ভুৱা গোচৰৰ আশ্ৰয় লৈছে। ইফালে, অহা বছৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভাৰতীয় মূলৰ দুগৰাকী প্ৰতিদ্বন্দ্বী নিকি হেলী আৰু বিবেক ৰামাস্বামীয়ে ট্ৰাম্পৰ বিৰুদ্ধে কৰা এই কাৰ্যক প্ৰতিশোধমূলক ৰাজনীতি বুলি অভিহিত কৰিছে। নিকি হেলীয়ে ইয়াক দেশৰ ইতিহাসত ক’লা দিন বুলি অভিহিত কৰিছে। আনহাতে, ৰামাস্বামীয়ে কৈছে যে ইয়াৰ ফলত দেশৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস হ্ৰাস পাব।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/অৰৱিন্দ/মনোজ


 rajesh pande