সাৱধান–সোণৰ অলংকাৰ চাফা কৰাৰ নামত পিয়াপি দি ঘূৰিছে প্ৰবঞ্চক
–যোৰহাট আৰক্ষীৰ জালত ১৪ টা প্ৰবঞ্চক যোৰহাট, ৩১ মার্চ (হি.স.): সাৱধান! সম্প্ৰতি ৰাজ্যত এতিয়া পিয়াপি
প্ৰৱঞ্চক


–যোৰহাট আৰক্ষীৰ জালত ১৪ টা প্ৰবঞ্চক

যোৰহাট, ৩১ মার্চ (হি.স.): সাৱধান! সম্প্ৰতি ৰাজ্যত এতিয়া পিয়াপি দি ঘূৰি আছে প্ৰবঞ্চকৰ দল। যিকোনো মুহূৰ্তত সৰ্বসাধাৰণ হব পাৰে প্ৰবঞ্চনাৰ বলি। সোণৰ অলংকাৰ চাফা কৰাৰ নামত পিয়াপি দি ঘূৰিছে প্ৰবঞ্চক ।

নিজকে সোন চাফা কৰা লোক বুলি পৰিচয় দিয়া এই প্ৰবঞ্চকৰ দল ভাগ ভাগ হৈ ঘূৰি ফুৰে আৰু মানুহৰ ঘৰত প্ৰৱেশ কৰি মিহি মিহি কথাৰে প্ৰবঞ্চনাৰ জাল পেলায়। বিশেষকৈ পুৰুষ সকল ঘৰৰ পৰা কামলৈ যোৱাৰ সময়ত মানুহৰ ঘৰত প্ৰৱেশ কৰে এই প্ৰবঞ্চকৰ দলে। মহিলা সকলক পুৰণি সোণৰ অলংকাৰ চাফা কৰাৰ নামত মিহি মিহি কথাৰে হাতৰ চলনাৰে অলংকাৰ লুটি উধাও হয় প্ৰবঞ্চকৰ দল।

যোৰহাট জিলাৰ ভিন্ন স্থানত এনেদৰে প্ৰবঞ্চনাৰে অলংকাৰ লুটি অহা আজি এটা ১৪ জনীয়া দল আৰক্ষীৰ জালত পৰে। জিলাখনৰ ভিন্ন স্থানত এই দলটোৱে সোণৰ অলংকাৰ লুটি আহিছিল। দলটো হোজাই লংকা আদি ঠাইৰ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande